পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৬
অসমীয়া সাহিত্যৰ অধ্যয়ন

“দিবলই এফেৰি আভাষ।” তাৰ বাবেই তেওঁ মাতিছে, “সখী চিত্ৰলেখা মোৰ কল্পনা সুন্দৰী, সমিধান দিয়াঁ আহি মোক।” আৰু তাৰ পাছত “আধাফুটা আবেগৰ ইমান জুমুৰি, দিলোঁ মেলি হৃদয় দুৱাৰ” বুলি দুৱাৰ মেলি দিছে।

 তাৰ পাছত “জীৱন উচ্ছাস।" ইয়াত কবিয়ে পোনতে “কল্পনা- জখলা’’ত উঠি কেনেকৈ “সৰগৰ ভোগ মই নৰ হৈ বাঞ্ছিলোঁ।’’ আৰু কেনেকৈ “সংসাৰ-ৰাক্ষসে” “হেঁচা মাৰি ধৰি উঠিব নিদিয়ে’’ তাকে বৰ্ণাই পিছত নিজৰ ভুলৰ সৈ কাঢ়িছে।

মিছা ভাৱনাত কিয় শক্তি হেৰুৱাওঁ, পৰি হুমুনিয়া কাঢ়িছোঁ॥
বুলিলোঁ মোহত যাক সংসাৰ ৰাক্ষস, তাকেহে কুটুম মানিছোঁ৷
সাবটি বুকুত লওঁ, মিছা আশা এৰোঁ, মৰতৰ মৰণ আলয়।
ঘূৰি আশা ইয়াতেই, বান্ধো ইয়াল’কে, জীৱনৰ উদ্দেশ্য নিশ্চয়॥

 গতিকে “শতমুখী বাসনা” এৰি “একত আশ্ৰয়’’ লোৱাকে কবিয়ে থিৰ কৰিছে; কিয়নো মঙ্গলময় সৃষ্টিয়েই “বিশ্বৰ মঙ্গল নিদান”ৰ দৰে মানৱ আত্মাৰো প্ৰমাণ স্বৰূপ।

 “সংশয় ৰহস্য” কবিতায় কবিয়ে এনে ৰহস্য-ভেদৰে চেষ্টা কৰিছে আৰু “জীৱনৰ দলি’’ত “উফৰি ত্ৰিভুবন দেখি” জীৱনৰ লক্ষ্য বিচাৰিছে,— “মোক সামৰিব কোন লগৰীয়া? মই যে অকলে বলোঁ॥” “মই’’ আৰু “বিশ্ব-ভাৱৰীয়া’’ কবিতা দুটিত বিশেষকৈ বেদ-উপনিষদৰ চৰম ভাব এটি কবিৰ অন্তস্পৰ্শী ভাষাৰে বৰ্ণোৱা হৈছে—

মই মই মই মাত্ৰ বিপুল সংসাৰে, মই মই মই সুৰে শুনা।
বাজিছে প্ৰাণৰ বীণা তান, মই বিনা আছে নো কি গুণ।

 সামান্য তুমি, মই বা প্ৰাণী-সমাজ কিয়, গ্ৰহ তৰা আদিৰে বিশাল অসীম সৌৰ জগত এই বিৰাট ‘মই’ত নিমিষতে লীন যায়! “বিশ্ব-ভাৱৰীয়া’’ত ইয়াকে মানৱাত্মাৰ “লীলা’’ বোলা হৈছে! কবিৰ অনুপম ভাষাৰে—

সৃষ্টি-পাতনিৰে পৰা নীল আকাশত, কিৰণৰ জাল মেলি ডাৱৰ ধৰিছা।
টিপচীটি হৈ উৰি টিপতে লুকাই, গৰুণ্ডৰ পখা মেলি বিচাৰি ফুৰিছা॥