পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৩
“চিন্তানল’’ কাব্য—কমলাকান্ত

তাক সমৰ্থন কৰিলে, আৰু কবিয়েও “শুনা কাণ পাতি, ভ্ৰষ্ট আৰ্য্যগণ, বতাহ মাতত আকাশী-বাণী” বুলি সেই সমৰ্থন আমাৰ কৰ্ণগোচৰ কৰিলে। এইখিনিৰে পৰা চিন্তাতকৈ কবি কল্পনা-চকুহে মেল খালে, আৰু তাৰে তেওঁ যি দেখিলে সি অতি মৰ্মান্তিক, অতি সুন্দৰ।

চিঞৰি কান্দিছে, শুনা ব্ৰহ্মপুত্ৰে, শিলনি ডৰাত নীৰলে বহি,
বিলাপে ই নদে, যেই দিন ধৰি, আৰ্য্যৰ গৌৰৱ পৰিল খহি।
শুনি ই বিলাপ, কুৰুৱাই কান্দিছে, পানীৰ কাষৰ গছত পৰি,
মনৰ দুখেৰে, হৃদয় বিদাৰি, আৰ্য্যৰ কাহিনী স৷মৰণ কৰি।

 দীন-হীন অসমৰ প্ৰকৃতিয়ে কৰি নিজা হৰিষ-বিষাদৰ কল্পনাত উটি-বুৰি ফুৰাতকৈ দেশৰ দুৰৱস্থাত 'বিলাপ’ কৰাই অধিক স্বাভাৱিক। এই প্ৰসঙ্গত ব্ৰহ্মপুত্ৰৰ বিলাপ আৰু কুৰুৱাৰ কান্দোনে যেনে জাতীয় তেনে মৌলিক হৈছে, আৰু সেইদৰে সেইবোৰে পঢ়োতাৰ চকু-লো টানি আনিব খোজে। এইদৰেই কবিতাটি ভাব, ভাষা আৰু ছন্দত ক্ৰমে অধিক মূৰ্ত্তিমতী হৈ উঠিছে। কবিৰ কল্পনাৰ প্ৰসাদতে শোণিতপুৰৰ মহাভৈৰৱ দেৱালয়ত উষাই নিতৌ পূজা-সেৱা কৰা সেই অৰতিৰ মঙ্গল শঙ্খ আমাৰ কাণত আকৌ সুমধুৰ সুমঙ্গল হৈ বাজি উঠিছে!—

শত কাঁহ ঘণ্টা বাদ্য বাজিছিল, আইটী ঊষাৰ পূজাৰ বেলি,
শত ঢাক-ঢোল শঙ্খ-পাঞ্চজন্য, বাজিছিল আৰু মহৰি কালী।
সোণালী পাটীত বহি সেইদিনা, পূজিছিলে তযু চৰণ-তল,
বেষ্টিত চৌদিশে ৰূপৱতী সখী, পদ্মিনীক যেন হংসিনী-মণ্ডল।

 কিন্তু অসমৰ স্বাধীনতা-বেলি মাৰ যোৱাৰ লগে লগে সেই বাণৰ নগৰ তেজপুৰৰ আৰু তাৰ দেৱালয়ৰ কি দশা! এইদৰেই ভাৰতৰ স্বাধীনতা লোপ পোৱাৰ লগে লগে তাৰ লগৰীয়া জাতীয় কীৰ্ত্তিবোৰ উপযুক্ত বুৰঞ্জী-লেখকৰ অভাৱত নাইকিয়া হবৰ উপক্ৰম হৈছে। আজি বিদেশী শাসন আমোলত লিখা বুৰঞ্জীত আমি লোকৰ অতিৰঞ্জিত গৌৰৱৰ কথা পঢ়ি বিভোৰ। আজি আমি বিদেশীৰ অকহী পুৰুষৰ বংশাৱলী বিচাৰিছোঁহঁক, কিন্তু নিজৰ পূৰ্ব্বপুৰুষ- সকলৰ কাহিনী কোনোবাই সুধিলে আমি পেপুৱা; আৰু বছৰদিয়েকৰ