পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৪
অসমীয়া সাহিত্যৰ অধ্যয়ন

মূৰত নিজ আই-বোপাইৰ নামকো পাহৰিম যেনেই হৈছে! ইয়াকে লেখকে মহাভৈৰৱক সম্বোধন কৰাৰ চলেৰে মুখেৰে বৰ্ণাইছে।

 তাৰ পাছত, আন আন দেশত পুৰণি সভ্যতাৰ অস্থিয়েই পুৰণি জাতীয়ত্ব কেনেকৈ নকৈ গঢ়ি তুলিছে ভালৈ লক্ষ্য কৰি এই শিলছটিৰ আৱশ্যকতা দেখুৱাইছে—

সিদিনা ৰোমৰ ভগা চিনবিলাকে, নিজ স্বাধীনতা আনিলে মাতি।
গ্ৰীচকো ইদৰে ই চিনবিলাকে, লগালে সিদিনা একতাত গতি।
তেন্তে তুচ্ছ বুলি নাভাবোঁ ই শিল, হৃদয়-মাজৰ জপৰ ধন;
কৰিব এদিন ভাৰত-সন্তানে পাষাণ-প্ৰতিষ্ঠা ইয়াৰ সাধন।
জন্মিব সিদিনা শতেক মেটছিনি, তুচ্ছ পৰি থকা শিলৰ পৰা;
শত গৰিবল্ডি জনম লভিব, কৰিব পোহৰ ভাৰত-ধৰা।
সিদিনা বুৰঞ্জী কৰিব উদ্ধাৰ, আছে লিখা এই শিলৰ ভিতৰ,
চিয়াঁহিৰে লেখা নহয় পাতত, যুগমীয়া ইটো লেখা শোণিতৰ।

 কিন্তু হঠাতে তেওঁৰ এই সুখৰ সপোন নিৰ্দ্দয় দিঠকে ভাঙি দিলে। নিজ দেশৰ গুণীৰ গুণৰ মোল নুবুজা আৰু নানান সম্প্ৰদায়ত বিভক্ত হৈ ভাই-ভাই- ঠাই-ঠাই হোৱা “ইহেন জাতিক, হায় কোন দিনা, দিব একতাই সাদৰৰ মাত?’’ এইদৰে আকৌ ঘোৰ সন্দেহেৰে তেওঁৰ মন ভৰি পৰিল। কবিৰ চিৰসেৱাৰ থলী আৰু চিৰহেপাহৰ ধন ভাৰতৰ ভবিষ্যত সম্পৰ্কে এনে সন্দিগ্ধ হৈ তেওঁ গভীৰ দুখৰ হুমুনিয়াহু পেলাইছে—

পাহৰণি হেৰা, তোমাৰ অনন্ত গৰ্ভত খোৱাঁ নি এই ভাৰতক;
আন্ধাৰ সিন্ধুৰ অতল তলত পেলোৱা নি, সৱে পাহৰোক।

বাঁহী, ষোড়শ বছৰ, সপ্তম সংখ্যা; কাতি, ১৮৪৮।

⸻⸺