পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০২
অসমীয়া সাহিত্যৰ অধ্যয়ন

 এই পদ-পুথিখন যোৱা শতিকাৰ শেষ চতুৰ্থাংশৰ ভিতৰত লিখা। সেই সেই কালৰ অসমীয়া ভাষা, সাহিত্য আৰু সমাজৰ অৱস্থা চাই আৰু “জাতীয় উন্নতিৰ সহচৰ স্বৰূপে, ই এটি মূল্যবান চেষ্টা আছিল। গদ্যতকৈ পদ্যই সকলো যুগৰ সকলো জাতিৰে হৃদয় সহজে অধিকাৰ কৰে বুলিয়ে হয়বা, স্বভাৱ-কবি ভট্টাচাৰ্য্যই তেওঁৰ হিয়াত লগা কথাখিনি পদ্যতে ঢালি দিবলৈ প্ৰয়াস কৰিছিল। তেওঁৰ অকপট স্বদেশ প্ৰেম আৰু স্বভাৱ-জাত কবিত্বৰ মিলনত কবিতাৰ নিজৰা মাজে মাজে বৈ আৰু শুকাই চলিছে সচা, কিন্তু তাত কাব্য-কলাৰ সাধনা এটি বিৰল। এইদেখি “পুথিখনৰ ছন্দ-বন্ধ একো লাগ-বান্ধ নথকাৰ বাবে পঢ়িবলৈ মিঠা” নলগাৰ উপৰিও, কিছুমান উৎকট গদ্যময় কথা যেনে আছে তেনেই পদ্যত ঠাই দিবলৈ যত্ন কৰাত সাহিত্য স্বৰূপে বহুত ঠাইত ইয়াৰ মূল্য টুটিছে।

 তথাপি “পূৰ্ণিমা ৰাতি”, “মৰিশালি”, “জাতীয় গৌৰৱ” কবিতাকেইটিৰ ঠায়ে ঠায়ে কবিত্বৰ সুন্দৰ আভাস জিলিকি পৰিছে। ঘাইকৈ, সামৰণিৰ “পাহৰণি” কবিতাটি আদ্যোপান্ত বিতোপন আৰু ভট্টাচাৰ্য্যৰ চূড়ান্ত ৰচনা। বৰ্ত্তমানৰ গোটেই অসমীয়া পদ্য সাহিত্যতে এইটি কবিতাই ৰিজনি দিব। পাৰিব। “তেজপুৰৰ কাছাৰি ঘৰৰ চোতালত পৰি থকা শিল এডোখৰ দেখি। মনৰ ভাব’’ত কবিয়ে পদ্যটি আৰম্ভ কৰিছে—

কোৱাঁ পাহৰণি, তোমাৰ পেটত, কতনো ৰাখিছা বুৰঞ্জী সুমাই।
চিন্তিলে এবাৰ, মৰোঁ পুৰি দেই, কত জাতি-কীৰ্ত্তি খালা গিলি হায়!

 স্বদেশ-প্ৰাণ ভট্টাচাৰ্য্যৰ কবিতাৰ বিষয় এনে দেশ-হিতৈষণামূলক হবই লাগিব। পোনতে প্ৰত্নতাত্ত্বিক মনোবৃত্তিৰেই এই শিলটিক কবিয়ে তাৰ জনম- কাহিনী সুধিছে আৰু যি শিলটিত সেই কাৰিকৰি খটাইছিল, তেওঁৰ জাতীয় সভ্যতাৰ বিচাৰ কৰিছে। এই বিচাবৰ তেওঁ সমিধানো পালে—

চিন্তাৰ নিনাদে, শুনিলোঁ ই ধ্বনি, বিন্ধিলে শোকৰ জোঙাল শেলে।
প্ৰকৃতিয়ে দিয়া, দেশৰ স্নেহটি, তেজ হুই ঘনকৈ ধাৰেৰে বলে॥

 ই “চিন্তাৰ নিনাদ”হে, কল্পনাৰ নহয়; তথাপি দেশৰ স্নেহ তেজ হৈ যোৱা কথাটি নিশ্চয় কবিত্বপূৰ্ণ। সেই চিন্তাৰ বলেৰেই লেখকে আমাৰ পূৰ্ব্বপুৰুষসকল ধৰণিৰ খ্যাতি স্বৰূপ আছিল বুলি যেতিয়া বুজিলে আকাশী-বাণীয়ে তেতিয়াই