পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

“চিন্তানল” কাব্য-কমলাকান্ত

জোনাক ৰাতিটি, ৰূপহী হাঁহিটি শুৱায় জগত কেনে বিতোপন।
নিচুক জগত, নিদ্ৰাৰ কোলাত, কোনে মন্ত্ৰ মাতি হৰিলে চেতন॥

মানুহ জাতি স্বভাৱতে কল্পনাপ্ৰিয়; এই গুণৰ সহায়তে দিনেকীয়া জীৱনৰ গদ্যময় কাৰ্য্য-তালিকাৰ মাজতো বিনন্দীয়া আশীষ উপভোগ কৰিবলৈ মানুহ সমৰ্থ হয়। আপুৰুগীয়া হলেও জগতত এনে অনেক লোক আছে যি তাৰ উপৰি এই পৃথিবীতে নানা অপাৰ্থিৱ জেউতি দেখিবলৈ পায় আৰু শব্দ বা বৰ্ণৰ মায়া-জালেৰে তাক আনৰো দৃষ্টি-গোচৰ কৰিব পাৰে। ই ইশ্বৰ-প্ৰেৰিত লোকৰে কাম বুলিয়ে বহুতে ভাবিছিল; অন্ততঃ ই প্ৰেৰিত মুহূৰ্ত্তৰ কথা নহলে সিমান উত্তম হব নোৱাৰে বুলিলে এই মতৰ পোষকতা কৰোঁতা বহুতো ওলায়। ওপৰত তুলি দিয়া প্ৰথম পদফাকি গতানুগতিক, তাত অসাধাৰণ বা অভিনৱ বুলিবলৈ একো নাই; কিন্তু এই দ্বিতীয় ফাকি কথাত তেনে এটি যাদুকৰী বা সম্মোহন বিদ্যাৰ প্ৰভাৱ অনুমান কৰিব পাৰি। এই ফাকিটি আলোচিত পুথিৰ “পূৰ্ণিমাৰ ৰাতিলৈ চাই’’ পদ্যটিৰ ভিতৰতে বিশেষ সৌন্দৰ্য্যব্যঞ্জক!

 স্বভাৱ-কবি স্বদেশ-প্ৰাণ শ্ৰীকমলাকান্ত ভট্টাচাৰ্য্যৰ “চিন্তানল’’ পদ-পুথিখনত এইদৰে ছেগা-চোৰোকাকৈ সৌন্দৰ্য্যৰ আভাস দেখিবলৈ পোৱা হয়, কিন্তু ইয়াৰ দুই এটি কবিতাৰ বাহিৰে তাৰ বিকাশ দেখিবলৈ পোৱা টান। ভট্টাচাৰ্য্য পোনতে স্বদেশ-প্ৰাণ, তাৰ পিছতহে কবি। পূৰ্ণিমা ৰাতিৰ এনে এটি সোণৰ সপোনেও তেওঁক সৰহ কাল মোহত বুৰাই ৰাখিব নোৱাৰিলে, জন্মভূমিৰ নানান চিন্তাই তেওঁৰ মোহ ভাঙি দিলে। তেওঁৰ আজি চকুত টোপনি নাই, কিন্তু কবি-প্ৰাণৰ সৌন্দৰ্য্য-সাধনাত নহয়, প্ৰকৃত দেশ-প্ৰেমিকৰ দেশৰ চিন্তাত! তেওঁৰ মনেৰে অসমৰ এনে দুৰৱস্থাৰ কালত পূৰ্ণিমাৰ জোনৰ হাঁহিটি ৰজিতা খাই পৰা নাই। সেইবাবে তেওঁ গভীৰ দুখেৰে কৈছে—

পূৰ্ণিমা জোনটি, ৰূপহী হাঁহিটি, এবি হাত যোৰোঁ কৰাঁ পলায়ন।
তোমাৰ কিৰণ, নকৰে শোভন, দুৰ্ভাগা অসম পাপৰ বদন॥