সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ধাই নাম
১১

কেইজনে দেখিছে? তাতে আকৌ খৰা শিয়ালৰ কথা! বতৰটো ৰদে- বৰষুণে মিহলি হােৱাত যদি একো বাধা নাথাকিল, তেনেহলে আমাৰ খৰা শিয়াল বাপাৰ বিয়াখনত নাে আপত্তি হব কিয়? গতিকে ভবা মাত্ৰকে ততালিকে বিয়াৰ দিহা হল, কাৰো ওজৰ-আপত্তি থাৱৰিব নােৱাৰিলে। ঘূৰি চাবলৈ নৌপাওঁতেই বিয়াৰ উলহ-মালহত ঘন-চিৰিকাক ইফাল সিফাল কৰি ফুৰা দেখি বুজিলে তাই নিশ্চয় বিয়াৰ তামােল কাটিছে; গতিকে থিতাতে তামােল এখনি খুজি থলে, আৰু লগে লগে আমাকো চিৰকাললৈ বিয়াৰ এখনি তামােলৰ লােভ লগাই গল ! এই যে সাধাৰণ এষাৰি কথা, এয়ে পৈণত শিল্পীৰ লেখনীৰ এটি আঁকৰ দৰে মনত যি এখনি অপূর্ব চিত্র। আঁকি গ'ল, সি সতকাই মচ নাযাব। সেই মুহূৰ্তৰ পৰা আজিলৈকে যিমান ৰদ-বৰষুণ মিহলি বতৰ গৈছে, সিমান দিন সেই খৰাশিয়ালৰ বিয়াৰ বাৎসৰিক উৎসৱ সমাধা হব লাগিছে, সিমান দিনেই ঘন-চিৰিকাৰ গাত বিয়াৰ তামােল কটাৰ বাব পৰিছে, আৰু সিমান দিনেই ঘন-চিৰিকাৰ হাতৰ এখনি তামােলৰ লােভ আমাৰ মনতে উদয় হৈ মনতে মাৰ যাব লাগিছে।

 এইদৰেই ৰ'দালি এ ৰ’দ দে” আৰু “আবেলি বেলি" এই গীত দুটিয়ে কেনেকৈ কব নােৱাৰোঁ, আকাশত সহজে নিমিষতে জ্বলি নিমিষতে লুকুৱা বিজুলীৰ দৰে, কি ঐন্দ্রজালিক প্ৰভাৱেৰে জীৱনৰ অমানিশাতে সূর্যোদয় আৰু সূৰ্যাস্তৰূপ দুখনি অনিন্দময় নিত্য জগতৰ চিত্ৰ মনৰ চকুৰ আগত কত দিন দাঙি ধৰি অদৃশ্য হৈছে! জীৱনত যদি এনে এখনি মাথােন অমৰ শব্দ-চিত্র আঁকি শেষ নিশাহ এৰিব পাৰিলোঁহেতেন, এই নিষ্ফল মনােবল কতবাৰ হিয়াতে উঠি হিয়াতে লয় পাইছে! যদিও এই “কুম্পানীৰ” দিনত কপালৰ ঘামেৰে তুলাপাত বিয়পাই কাপ নিপিহি বা জৰীগছৰ তলে তলে ঘূৰি নুফুৰি কাউৰী যােৱাৰ লগতে ঘৰলৈ গ'লেই আমাৰ আধাকঠি চাউলো মুকলি হবৰ সম্ভাবনা নাই, তথাপি ‘কাউৰী গল, গধূলি হল” গীতফাকি শুনিলে, কিয় কব নােৱাৰোঁ, খন্তেকলৈ হলেও মনত আশ্বাস পাওঁ, ভৱ-জালা এফেৰি পাতল হয়। সেইদৰে “লাই হালেজালে আবেলি বতাহে” বা “আগলি কলাপাত লৰে কি চৰে” নামষাৰিহঁত শুনিলে সামান্য একোটি কথাৰ উল্লেখতে নাজানো কিয় অসমীয়া জাতিৰ স্বপ্ন চকুৰ আগত সাকাৰ আৰু সজীৱ হৈ উঠে। কোন ‘চিলনীৰ জীয়েকে’, কি বেথাসনা মাতেৰে, কোন নিচিনা-নজনা ঠাইত বহি