পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
অসমীয়া সাহিত্যৰ অধ্যয়ন


কোনাে আড়ম্বৰ বা ভূমিকা নকৰাকৈ কল্পনাৰ লগে লগে ভাব নিজ বিচিত্র বােলেৰে বােলােৱা চিত্ৰবােৰ এখন এখনকৈ ওলাই আহি দেখা দিয়ে; কিন্তু ইহঁত কাৰো গুটীয়া হৰিষ বা বিষাদেৰে ডাঠকৈ বােলােৱা নহয়। গীত- বােৰৰ গতিও অতি খৰ আৰু সহজ, ঠিক শিশুৰ চঞ্চল কোমণ পৰস্ফুৰণৰ দৰে৷ শিশুৰ স্ৰজন শক্তি স্বয়ং ব্রহ্মাতকৈ কোনো গুণে তাকৰ নহয় ; পালন শক্তিতো শিশু বিষ্ণুৰ সমানেই, আৰু সংহাৰ শক্তি ৰুদ্ৰতকৈও একাচি চৰা। ব্রহ্মজ্ঞানী শিশুৰ এই ৰাজ্যত ভেদ-ভাব আজ পার্থক্য-বোধ অতি তাকৰ; যাক যি বুলিছে সি সেয়ে হৈ গৈছে। ফটাকানিৰ দৰা-কন্যা সাজিলে; ধূলি-বালিৰ ভাত আৰু বৰালি-বুকুৱাৰ আদখৰীয়া মাছৰ আঞ্জাৰে কন্যা-দানৰ ভােজ হল; তেতিয়াই জাত-জাতকৈ নাম বিয়া বিয়া পাতিলে, কন্যাৰ মাকে কন্দা-কটা কৰিলে ; দুই দন্দুৰী বিয়নীৰ দন্দ লাগিল, দুয়ো দুইৰো চৈধ্য পুৰুষক গালিৰে উদ্ধাৰ কৰিলে ! সম্প্রতি শিশুৰ বাবে এই সকলাে কথাই প্রকৃত জীয়ন্তই হৈ উঠিল; কিন্তু এক মুহূৰ্ত্তৰ পিছতে আকৌ সকলো আগৰ দৰেই হল, কন্দা-কটা আৰু গলা-গলি কেনিবাদি গল, দুইকো দুয়ো ডিঙিত সাবটি ধৰিলে; একে গােৰতে ভােজ-ভাত আকৌ ধুলি-বালিত পৰিণত হল, আৰু দৰা-কন্যাই একে দলিতে হাবিৰ মাজত ঠাই পালে। এই গীতবােৰৰ বিষয়েও সেই একে কথা। অযত্নত উঠা হলেও এই গীতবােৰৰ পৰা হলে হয়তো তেওঁলােকে এইদৰেই মােহাৰি-সামৰি শেষ কৰি পেলালেহেতেন; কিন্তু জন্ম পোৱাৰ পাছত দেখে যে ইহঁতৰ প্রত্যেকেই কিবা অমৰণৰ গুটি খাই আহিছে, ইহঁতক মাৰিব খােৱা বৃথা। ইমান অযত্নত উঠা কাৰণেই হয়বা ইহঁত অমৰ। যিমান যত্নত উঠিব সিমানে আয়ুস চুটি হব।

 এইদৰে সদায়েই ভাব-ভাষা একোতে এই গীতবােৰত নােহােৱা-নােপজা কথা একো নাই । কিন্তু তাৰ ভিতৰতে তাত লুকাই আছে অপূর্ব্ব কাব্য-ৰস আৰু তাৰ পিছফালে লুকাই আছে অভূতপূর্ব্ব কবি-প্রতিভা। ওপৰৰ “অ’ ফুল! অ’ ফুল ! নুফুল কিয়” গীতটিতে, বা “ৰদে-বৰষুণে খৰা শিয়ালৰ বিয়া” নামটিতে বিশেষ গৌৰৱ কৰিবৰ কথা কি আছে জানো? কিন্তু এই আগ-গুৰি নােহােৱা কথাকেইটাৰ ভিতৰতে শিশু-কল্পনাই কি সােণৰ সম্বন্ধ-সূত্র উলিয়াই সিহঁতক গাঁথি পেলায় ? এনেয়ে শিয়ালৰ বিয়াকে জনমত