পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পদ্য-গদ্য গুৰু-চৰিতাৱলী

শঙ্কৰদেৱৰ মূলচৰিত-লেখক ৰামচৰণ, দৈত্যাৰি, ৰামানন্দ, ভূষণ। দৈত্যাৰি ৰামচৰণৰ পুতেক, অথচ তেওঁ “নাহিকে আৰিশি’’ বুলিছে; ইয়াকে ওফান্দাই গঙাটোপ কৰি কোনোৱে ৰামচৰণৰ শঙ্কৰ-চৰিত পিছলৈ টানি আনিবলৈ বিচাৰে, যদিও অৱশ্যে তেওঁলোকৰ আন উদ্দেশ্যও থাকিব পাৰে। ভূষণৰ গুৰু-চৰিত প্ৰকাশক এনে তেওঁক নৰনাৰায়ণৰ সভা-কবি পাতিব খুজিছিল, যদিও সেই চৰিততে শঙ্কৰদেৱৰ নাতি পুৰুষোত্তম আৰু চতুৰ্ভুজৰ উল্লেখৰ পৰা তেওঁক তেওঁলোকৰ সমসাময়িক বুলি সহজে বুজিব পাৰি। আমোদৰ কথা, ভূষণেও সেই “নাহিকে আৰিশি” লিখিছে। অথচ ৰামচৰণ মাধৱদেৱৰ সমসাময়িক, গতিকে অন্ততঃ তেওঁৰ আৰু দৈত্যৰিৰ গুৰু-চৰিত ভূষণৰ পূৰ্ববৰ্তী। তেন্তে কব লাগিব হয় এই পৰৱৰ্ত্তীসকলে পূৰ্ববৰ্তীসকলৰ পুথি পাবৰ সুবিধা নহৈছিল : নহয়, “নাহিকে আৰিশি” লিখা সেই লেখক- সকলৰ এটা ধুনেই আছিল।

 দৈত্যাৰিয়ে লিখিছে, “মাধৱদেৱৰ বহিনাই ৰমদাস। আছে এক চতালে দুইহান্তে কৰি বাস॥ ৰামদাস-সুত ৰামচৰণ নিশ্চয়। মাধৱদেৱৰ তেন্ত ভাগিন হোৱয়॥৯৪১॥ পঢ়ান্ত মাধৱদেৱ মহাৰঙ্গ মনে। কলা সমস্তই পঢ়াইলন্ত অল্প দিনে॥ পঢ়াইলন্ত নামখড়ি সমস্তে পঢ়িলা। অনন্তৰে সন্ধি-বৃত্তিত পাঠ দিলা॥৯৪২॥ পঢ়াইলা মাধৱদেৱে ৰামচৰণক। পাৰিলা পঢ়িবে ভাল পদ- পয়াৰক॥৯৫০॥ ৰত্নাৱলী ৰত্নাকৰ আদি গ্ৰন্থ যত। কৈলিকৃত্য ভৈলা আনো শাস্ত্ৰত পাৰ্গত॥ শিখাইলন্ত কায়স্থিকা বৃত্তি সমস্তয়। অদ্ভুত লেখক ভৈলন্ত মহাশয়॥৯৫১” দৈত্যাৰি চৰিতৰ পৰাই বুজিব পাৰি ৰামচৰণে সাধাৰণতকৈ অধিক বয়সত বিয়া কৰিছিল আৰু দৈত্যাৰি যদি তেওঁৰ ভাটি বয়সৰ সন্তান হয় তেন্তে ৰামচৰণৰ গুৰু-চৰিত দৈত্যাৰিয়ে নেদেখিবৰ ইও এটা কাৰণ হব পাৰে।

 ৰামচৰণৰ গুৰু-চৰিতৰ সাতোটি খণ্ডৰ ভিতৰত ষষ্ঠ খণ্ডটি “জাল” কৰি এজনে উলিয়াছিল; এই কথাই বাকী খণ্ডকেইটাৰ সত্যতা অধিক প্ৰমাণ