সিডালি, হাততে হাঁকুট লৈ’’ৰ দৰে। এই নামবোৰ অতি সৰল হলেও ভক্তি
-নন্দনৰ একোপাহি পাৰিজাতৰ দৰেই শুৱনী।
“অ' হৰি হৰি, নাম ললে নেহেৰায়।
ভাই বটা নাবাটে, অগ্নিয়ে নোপোৰে,
চোৰেও নিনিয়ে চাই, ডকাইতে নিনিয়ে পাই,
ৰজাই নিনিয়ে ডঁৰ কৰি।’’
“নাম লোৱাঁ ভাই, ভকত-ভৈয়াই, নামক নকৰিবা হেলা।
এইহে নামেহে নিস্তাৰ কৰিব, মৰণ-সঙ্কটৰ বেলা॥’’
“ৰাম নামৰ নৌকাখনি, হৰি নামৰ বঠা।
বৈকুণ্ঠলৈ যাব লাগে নাম লৈয়স উঠা।”
এই আহ্বানত যেন সচাকৈয়ে “ভিদ্যতে হৃদয়গ্ৰন্থিঃ ছিদ্যন্তে সৰ্বসংশযাঃ’’ হৈ আমাৰ মন বৈকুণ্ঠৰ বাবে উধাও হৈ পৰে। ওৰে দিন ওৰে ৰাতি নাম লব, তথাপি—
“ভকতক নামে নাটিলে ৰাম ৰাম।
মাধৈ-মালতী ফুল চালত শুকাল।
হৰি-নাম লওঁতে ৰাতি পুৱাল।
ভকতক নামে নাটিলে ৰাম ৰাম!!’
’
মুঠতে, নাম অমৃতৰ নিছিগা ধাৰ; তাক পাই ভক্তই মুকুতি উপেক্ষা নকৰিব কিয়? ফুল ছিঙি আনি ফুলৰ সৌন্দৰ্য্যৰ স্বৰূপ দেখুৱালৈ যোৱা যেনে ধৃষ্টতা, সেইদৰে দিহা নামৰ আনুসঙ্গিক বজ্ৰ-কৰতালি আৰু মেঘৰ গহীন গাজনিৰ দৰে ভক্তসকলৰ গগন-স্পৰ্শী ৰাগ, আৰু সবাতোকৈ তেওঁলোকৰ ভক্তি-আবেগৰ উষ্ণতাৰ অবিহনে এই ঘোষাবোৰৰ প্ৰকৃত সৌন্দৰ্য্য দেখুওৱা অসম্ভৱ। তথাপি অকল সাহিত্য স্বৰূপেও এই ঘোষাবোৰ ৰূপ আৰু গোন্ধেৰে এনে ভৰপূৰ, বাটৰুৱাই বাটেদি যাওঁতে এখন্তেক ৰৈ এই আশিসৃ-উপভোগেৰে জীৱন সাৰ্থক মানি নগৈ নোৱাৰে।
চেতনা, ১৯২৩-২৪; ভোগজৰা, আগকথা, ১৯২৮৷
⸺⸺