পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
গদ্য-পদ্য গুৰু-চৰিতাৱলী


কৰিব পাৰে, তাত চেকা পেলাব নোৱাৰে। প্ৰথমত উপৰি পুৰুষ, দ্বিতীয়ত জন্ম-লীলা (বাৰ বছৰলৈ ), তৃতীয়ত বাল্য আৰু যৌৱন ক্ৰীড়া, চতুৰ্থত উজনি অসম এৰি নামনিত বাস, পঞ্চমত ধৰ্ম-প্ৰচাৰ, ষষ্ঠত বিদ্ৱেষ-উৎপীড়ন (মূল নহয় ), আৰু সপ্তমত কোচবেহাৰত বৈকুণ্ঠপ্ৰয়াণ। মূল ছয়টি খণ্ড এনে পৰিপাটি আৰু বিৱৰণবোৰ এনে প্ৰাঞ্জলভাৱে লিখা যে তাক আধুনিক ৰীতিৰ বুলিও কব পাৰি আৰু সাহিত্য ৰূপেও ই মূল্যবান পুথি। শঙ্কৰদেৱৰ উপৰি- পুৰুষৰ বিৱৰণ আৰু দুৰ্লভনাৰায়ণৰ বংশাৱলী ব্যাপক আৰু সন্তোষজনক; সেইদৰে জন্ম-লীলাও দিন-দিনকৈ প্ৰথম ত্ৰিশ দিন, মাস মাস কৰি প্ৰথম বাৰ মাসৰ, আৰু বছৰ বছৰ কৰি প্ৰথম বাৰ বছৰৰ সম্পূৰ্ণ বৰ্ণনা দিয়া আছে। এই অনুক্ৰমেই বাকী পাঁচ খণ্ডও প্ৰাঞ্জলতা গুণত আচৰিতৰূপে আধুনিক- ৰীতিৰ।

 অদ্ভুত কথা এই হে, এই চৰিতৰ অনেক অংশ পৰবৰ্তী দৈত্যাৰি ৰামানন্দ আৰু “নাহিকে আৰিশি” বোলা ভূষণৰ চৰিতৰ লগত হুবহু একে। উদ্বাহৰণ স্বৰূপে, ৰা, চ, ১২৯০-৯৭; ভূ ৬৩-৬৫ , ৰা,চ,, ১৩৪১-৪৮, ভূ ৩০-৪৬ : ৰা, চ, ২১২২-৪৬; ভূ ১২৯-৫৩: ৰা, চ ২১৫০-৫১, ভূ, ১৫৬-৫৭: ৰা, চ, ২১৫৮- -২২৯৩। ভূ ১৬৪-২৯৮ : ৰা, চ ২২৯৪-২৩৯৫; দৈ, ৩২৮-৪১০: ৰা, চ, ২৪৯৩-২৫৪৩; ভূ ২৯৯-৩৫৫; ৰা, চ, ৩৭৭৩-৪০১১; ৰামা, ১৫১৪-১৭৬৮। ইয়াৰ সামান্য ভাগ মাত্ৰ সাৰাংশৰূপে আৰু তাৰ বাহিৰে সকলোখিনি শাৰীয়ে শাৰীয়ে আৰু আখৰে আখৰে একে। আচৰিত কথা, এই চাৰিখন চৰিতত কাৰ কোনখিনি মূল তাক বাচি-বিচাৰি গুৰু-চৰিত সঠিকভাৱে নিৰ্মাণ কৰিধৰ কোনো উম-ঘামেই আজিলৈকে হোৱা নাই; আটাইকেখন চৰিতৰ ইখন- সিখনৰ লগত মিলা কথাখিনি এৰিও, কিছুমান অংশ অতি বিতোপন। ভূষণে শঙ্কৰদেৱৰ পঢ়া নীতি বৰ্ণাইছে :—

“আজি-কালি কৰি শীঘ্ৰে পঢ়ন্ত শঙ্কৰ।
ধৰিলন্ত লাগ আন ছাত্ৰ সমস্তৰ॥
এক দুই ৰূপ মাত্ৰ গুৰু পঢ়াৱন্ত।
কতো কতো সুত্ৰচয় আপুনি পাৱন্ত॥৪৭॥
শুনিয়োক তান যেন পঢ়িবাৰ নীতি।
শয্যাৰ দুপাশে লগাৱন্ত দুই বাঁতি॥