পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৯
“জন্ম-যাত্ৰা অঙ্ক—গোপালদেৱ


উজাই যাব লাগিব। যি সৎব্ৰহ্ম তেওঁ যে অকল আছিল। এই সংসাৰ, প্ৰকৃতি বা মায়া-প্ৰপঞ্চ, তেতিয়া একোৱেই নাছিল। “একোহহং বহু স্যামি”—বা “একেশ্বৰে আছোঁ মই আদি নিৰঞ্জন। সৃষ্টি নাহি আমাক নকৰে শোভন॥’’ এই ভাব নোহোৱা হ’লে মায়া আৰু অবিদ্যাজনিত এই বিনন্দীয়া অসৎ সৃষ্টিৰ বিকাশ হ’বলৈকে বা পালেহেতেন ক’ত? সেইদৰে কৃষ্ণ নপলোৱাকৈ কংস- বধ সম্ভৱ হ’লেও, এই সুন্দৰ লীল-প্ৰকাশ, এই ৰস-সৃষ্টি, কোনোমতেই সম্ভৱ নহ’লহেতেন। সামান্য অসুৰ এটাৰ ভয়ত ভগবান নিজে লুকাই থকা কথাটোৱেই কেনে ৰসপূৰ্ণ? সেয়ে নোহাৱা হ’লে এই ব্ৰজ-লীলাৰ অমৰ সৌন্দৰ্য্যৰ পৰাই যে জগত চিৰকাল বঞ্চিত থাকিলহেতেন, আৰু তাৰ অমৃত লভি ভক্তই নিজক কৃতাৰ্থ মানিবলৈ নাপালেহেতেন। তাৰ বাবেই এই চেলু।

 “ৰসো বৈ সঃ।’’ কৃষ্ণ ৰস স্বৰূপ। তেওঁ সকলো আনন্দৰ নিজৰা। ধৰ্ম্ম- জগতত কি, সাহিত্য জগতত কি, এনে অপূৰ্ব্ব পৰিকল্পনা দ্বিতীয় এটি হোৱা নাই। অকল এই ৰস-সৃষ্টিৰ বাবেই শ্ৰীমদ্ভাগৱত গ্ৰন্থ এনে অনুপম। এই নাটকখনিতো সেই অপাৰ্থিৱ সৌন্দৰ্য্যই ছিটিকি পৰিছে। গোকুলত কৃষ্ণ-সূৰ্য্য উদয় হোৱাৰ লগে লগেই বিজুলী সঞ্চাৰে সদৌ গোকুলবাসীৰ প্ৰাণত সেই ৰসৰ উদ্ৰেক হ’ল। গোপীসকলে সদ্যজাত শিশু নৌ দেখে; চাবলৈ ওলাওঁতে আগৰাতিৰ বিষয়ে তেওঁলোকৰ কথোপকথন—“চমকিত হুয়া তবধ নয়নে নিন্দা জাগি যৈছে বৈঠলো, যোনো ঠিক হামুসৱে ঠামহি যাৱতে মধুৰ স্বৰ্গ ছানি অসংখ্যাত চমৎকাৰ দুন্দুভি বাদনক সঙ্কাশে...অপ্সৰা নাচয় আৰো বিদ্যাধৰে গীত গাৱে। তাহেৰি উখলনিত গত নিশি নিন্দা নাহি আৱত ...তাহেক শুনি গাৱে নাহি সহলে। হৃদি চিত্ত সৰৱ গাৱ উসমিস লাগি ক্ষত-বিক্ষত ভেল৷ ... গুণিতে গুণিতে কৈসানি যামিনী যাই পৰভাত হোইব তাহে ধিয়াই নিন্দ নাহি আৱল। প্ৰভাত কালে শুনলো তথিয়ে যশোমতী মাইক একো লাৱণ্য ৰূপী শিশু জন্ম ভেলহ। হামাৰি মনোৰথ সামফল ভেল। মনে ৰসময়ী কৌতুক সম্পোজল।”

 কৃষ্ণৰ উদয়ৰ আগৰে পৰা যে কৃষ্ণ-লীলাৰ বীজ ব্ৰজবাসীৰ হৃদয়ত পৰি আছিল, ইয়াৰ পৰা সহজে বুজিব পাৰি। যি হওক,তাৰ পাছতহে “গোপজায়া সৱে উৰুক-মুৰুক লীলাগতি চলি যায় যৈচে মত্ত সিংহ চলইছে।” কি বিতোপন বৰ্ণনা! কিন্তু সেই সদ্যোজাত শিশু দেখা মাত্ৰ তিলেকতে সেই ভক্তি-বীজ গজি