পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৮
অসমীয়া সাহিত্যৰ অধ্যয়ন


সমতলৰ। বৈষ্ণৱ লেখকসকলৰ কল্পনা ভক্তি-ৰসত চিৰকাল আপ্লুত; কৃষ্ণ- প্ৰেমৰ উমি উমি তপত সিজি সকলো কথাই ইমান সৰস।

 যেতিয়া শ্ৰীকৃষ্ণৰ জন্ম-নক্ষত্ৰ মিলিল, তেতিয়া “পৃথিবীত শুভ মঙ্গল সূচনা তেল। নদী সৱ প্ৰসন্ন ভেল। পৰম সুগন্ধ বাত চৌপন্থে মিলল। মহন্ত সৱৰ মন সস্তপৰ্ণ ভেল। বিল পঙ্কজে জাতিস্কাৰ। সাগৰৰ সঙ্গে জলধৰ গৰ্জ্জিতে লাগিল। মধ্যৰাত্ৰি অন্ধকাৰাচ্ছন্ন হুয়া মাধুৰ্য্য জ্যোৎস্না ভেল।” কেনে অপাৰ্থিৱ সৃষ্টি। সেইদৰে শ্ৰীকৃষ্ণই মায়া শিশুৰূপ ধৰিলত বসুদেৱে যেতিয়া তেওঁক নন্দৰ ঘৰত লুকুৱাই থবলৈ লৈ যায়, তেতিয়া দৈৱকীৰ “পুত্ৰক সন্তাপে তাপে প্ৰাণ ফুটি যায়’’ আৰু তেওঁ সুৱলা “মুক্তাৱলী" সুৰত “লৱনু পুতলি অতি সুকুমলি” বুলি যি বিলাপ কৰিছে সিও অতি মনোৰম। বসুদেৱ দৈৱকীৰ কাৰা-মুক্তিত এই নাটকৰ মধুৰ সমাপ্তি হৈছে। জন্ম-যাত্ৰা” নাটকত শ্ৰীকৃষ্ণৰ জন্ম হল, আৰু তাৰ লগে লগে ঘটনা সূত্ৰত কংসৰ হাতত বসুদেৱ দৈৱকী দুয়ো কাৰা-মুক্ত হ’ল। ইফালে যে “নন্দৰ ঘৰে আনন্দ মিলয়” তাক নাচালে সুখ সম্পূৰ্ণ হয় কেনেকৈ? সেই বাবেই ইতিহাস বোলক, ৰস বোলক, যেই সেই কাৰণৰ পৰাই “নন্দোৎসৱ’’ৰ উৎস আনুষঙ্গিক কথা। নন্দ যশোদাৰ অবিহনে মূলতে কৃষ্ণ- লীলাৰ ৰসেইনো। ক’ত ডোঙ্গা বান্ধিবলৈ পালেহেঁতেন? এতিয়া সূত্ৰধাৰে কাহিনীৰ এই কনক-সুত্ৰৰে মূৰ উলিয়াই দি এইদৰে ক'লে- “যে জগতক পৰম গুৰু নাৰায়ণ, ভূমিক ভাৰ হৰণ নিমিত্তে দৈৱকী বসুদেৱ গৃহে জন্ম লভিয়াছি। অঃ কংস ভয়ে ওহি শ্ৰীকৃষ্ণক নন্দ ঘৰে নিয়া লুকায়ে ৰাখল। ওহি শ্ৰীকৃষ্ণক নন্দোৎসৱ নাটক।”

 এয়ে নাটখনৰ আৰম্ভ। “কৃষ্ণস্তু ভগবান স্বয়ম্।” হাজাৰো হওক, কংস এটা অসুৰ মাথোন; সামান্য পথালি-চকুৱা নৰ-মনুস্যৰ লগৰ। তেনেহলে এই কংসৰ ভয়ত স্বয়ং ভগবান পলাই পত্ৰং বিয়া কথাটো গুৰিতে অযুক্তিকৰ নহয় নে? হ’ব পাৰে তেওঁ তেনে দুৰন্ত কংসক জন্মৰ পৰাই বঞ্চিত কৰিব পাৰিলে- হেতেন, বা জন্মিবলৈ দিলেও তেওঁ ইচ্ছা কৰা মুহূৰ্ত্ততে কংস ছাঁয়াৰ পুতলাৰ দৰে অদৃশ্য হ’লহেতেন; কিন্তু সিও জানো যুক্তি যুক্ত হ’লহেতেন? আজিও সুসভ্য দেশত ৰজাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা জনৰো প্ৰকাশ্যে আদালততহে বিচাৰ হয়; কংসক তেনে প্ৰকাৰ বিচাৰৰ পৰা বঞ্চিত কৰাও জানে ভগৱানৰ ন্যায়-ৰক্ষা হ’লহেতেন? কিন্তু প্ৰকৃত তথ্যৰ বাবে আমি ইয়াতকৈ ভালেখিনি