পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫২
অসমীয়া সাহিত্যৰ অধ্যয়ন


ঘটনাৰ অলপ মিল দেখা যায়। মহাপুৰুষৰ নিজ অনুপম ভাষাৰেই কথাটো মুকলি হবলৈ দিয়া হওক—

 “আহে হামাৰ মন্দিৰে তোহো কে?" “আঃ! হামাক নাহি চিনহ! হামো বলভদ্ৰক কনিষ্ঠ ভাই।” “আহে! তোহো বলাইক কনিষ্ঠ! আঃ জানলোঁ, জানলোঁ॥ কি নিমিত্তে এথা আৱলি থিক?” “আহেঁঁ! পথ বিস্মৰণ হুৱে হামাৰ মন্দিৰ বুলি আৱলোঁ।” “হে কৃষ্ণ! তোহোঁ ঘৰ নাহি জানিয়ে আৱলি, ইহাত কোন দোষ নাহি। হামাৰ লৱনু কলসী ভিতৰে কৈছে হস্ত নিবেশিয়ে থিক?” “আঃ! হামাক পৰম দোষ পাৱলি। ওহি পিপীলিকা সব লৱণু নাশ কয়ল। ইহাক দূৰ কৰিছে হাত দিয়া আছি।” “হে কানাই! তোহো হামাক ভাগ উপকাৰ কয়লি। আঃ! ওহি নিদ্ৰাক বালক কিসক জগাৱলি?” “হে গোৱাল! ওহি বালক সমে ধেনু ৰাখলোঁ, হামাৰ এক বাচৰু নাহি পাৱত। তাহেকে পুছিতে ওহি বালক জগাৱলোঁ।” “আহে কানাই! তোহো বড়ি নাগৰ, হামাৰ সৱ লৱনু খাই অব কুঠী বাত কহইছ। যৱ তোহো লৱণু নাহি খাৱস, তব বচন বোলিতে তোহাৰি বদন হন্তে কৈছে লৱণুক গন্ধ বাজ হোই?” “আহে গোৱালী! তোহো বড়ি দাৰুণ হৃদয়; আপোন জিহবা ৰাখিতে নপাৰি আপোন গৃহে লৱণু খাৱলি। অৱ ভাতাৰক ভয়ে হামাক অপযশ দেৱস। হামাৰ ঘৰে লৱনু কে পুছত, খাইবাক নপাই তোহৰি ঘৰে চুৰ কয়ে লৱনু খাৱলোঁ।”

 পাছত অৱশ্যে গোপীগৰাকীয়ে নিজে বলে নোৱাৰি ৰাণী যশোদাৰ কাষত পুতেকৰ বিৰুদ্ধে গোচৰ দিলে; ৰাণীয়ে পুত্ৰৰ বিৰুদ্ধেই ৰায় দিলে, কিন্তু তেওঁ সেই বিচাৰত মান্তি নহৈ তাৰ বিৰুদ্ধে অতি তীব্ৰ প্ৰতিবাদ কৰিয়ে ৰল।—

 “আহে মাই! তুহো হামাক বিস্তৰ নাহি বোলব, হামো তোহাৰ ভৰ্ৎসনি সহৰ নাহি। কোন ছাড় পুৰাতন কলসখানি ভাঙ্গলোঁ, কড়া দুইৰ ধন হানি কয়লোঁ, তাহেক গায়ে নাহি সহল, আৱৰ কি সহৰি। তোহাৰি ভাব দেখি সব লোকে জানল তোহো যৈছন বৰ মানুষক ঝী। অঃ হে মাই! তোহোঁ জনম আণ্ঠু, কুড়ি ৰহয়ে থিক। হামো পুত্ৰ হুয়া সে দুঃখ দূৰ কয়লোঁ। অব হামাক আগু চাতুৰী লগাৱস। আঃ কি নিদাৰুণ হৃদয়! আপোন পুত্ৰক দায়া নাহি জানত। জগত ঢাকিয়ে লৱণু-চোৰ নাম দেলহ। আৰ হামাকে কি কৰিতে