পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫১
ভীম-চৰিত—ৰাম সৰস্বতী


তহিলং কৰিলে। এনেয়ে বিশ্বামিত্ৰ সদায় অগ্নিশৰ্মা, তাতে এনে এটা অঘটন | খঙত একো-নাই হৈ ঋষিয়ে খেদা মাৰি আহিয়ে ভীম আৰু কাৰ্ত্তিক-গণেশক লগ পালে আৰু সুধিলে, “গৰু মেলি কিয় খুৱাইলিহি মোৰ বন।” ই দুজনে মুখ মেলিবলৈ নৌপাওঁতেই “ভীমে বোলে পৰ্ব্বতত আছিলোঁ আতাই। বাৰী- লোৱা গৰু দুষ্ট অসিল পলাই॥ চৰণত ধৰোঁ গুৰু নশপিবা মোক। তোমাৰ আগত বৃষভক দিওঁ শেক॥” বুলিয়ে আৰু উত্তৰলৈ বাট চাই নেজত ধৰি গৰুক সাত পাক আচাৰি পেলালে, আৰু তাৰ ফলত সি “কতো দুৰে পড়িয়া কম্পয় বৰ টানে”। কথা বিসঙ্গতি দেখি কাৰ্ত্তিক-গণেশে ‘গৰু মাৰিলি কিয়’ বুলি কবলৈহে পালে, শাল গছ উঘালি লৈ ভীমে দুয়োলৈকে চোঁচা ললে, দুই ভাই-ককায়ে গৰু মাৰি তেওঁ হেন সাধুক মিছা অপবাদ দিয়ে কিয় বুলি। ঋষিয়ে চকুৰ আগতে সকলো দেখি আছে; থিতাতে “ভীমে বোলে সাক্ষী তুমি হৈবাহা আতাই॥ মাকে-বাপেকে গৰু চাৰিবাক দিলে। সোধ কি কাৰণে দুয়ো গৰুক মাৰিলে॥” কথা দেখি ঋষিয়ে ৰাম-বিষ্ণু! স্মৰিলে! “বিশ্বামিত্ৰে বোলে হেৰ টেটন লটক। তই গৰু মাৰি বাদ দিয়স আনক। মোহোৰ আগত গৰু মাৰিলি আচাৰি। শঙ্কৰৰ পুত্ৰক জোটস কেন কৰি॥” বিশ্বামিত্ৰই তেতিয়ালৈকে ভীমৰ চিনাকি ভালকৈ পোৱা নাছিল, গতিকে তেওঁক চিনাকি দিলে—

ভীমে বোলে ঋষি তোৰ কাকে খাইলে আখি। মই গৰু মাৰিলেহে কহ হুয়া সাখী।
তোৰ সহ মাঝে গৰু আছয় মাৰিয়া। শহ খাইলে বুলি তই মাৰিলি কোবায়া॥
হাতত আছয় তোৰ দণ্ডধৰ বাৰি। আৱে ঋষি বোলাই হাতে নোচড়স ডাড়ি।

 ঋষি এইবাৰহে প্ৰকৃতিস্থ হল। সেকা পাই তেওঁ গমি চালে, শঙ্কৰৰ পুত্ৰক কয় এতমান। মই কোন ক্ষুদ্ৰ ঋষি আৰ বিদ্যমান॥ তিনিয়ো মিলিয়া যদি এক কথা কয়। তেৱে জানো ঘূৰি কয় আমাতে পৰয়॥ এহি বুলি তুশি তুলি ঋষি লৰ দিল।’’ গতিকে এই যাত্ৰালৈ জানিবা ভালে-কুশলে সকলো ৰক্ষা পৰিল।

 মাধৱদেৱৰ “পিপড়া গুচোৱা” নাটকৰ আদি কথাটিৰ লগতে এই