পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৩
ভীম-চৰিত—ৰাম সৰস্বতী


ৰহল। অব অপমান সহিবাক নপাৰি মধুপুৰী পলাৱব। তোহাৰি ভাবনা চুৰ কৰব। হামাক নপাইয়া পাছে কান্দি মৰব।”

 মুঠতে, চোৰৰ দোষ গৃহস্থৰ গাত সানি গৃহস্থকে ঘূৰি ধৰা স্বৰূপে “চোৰধৰা” নাটৰ কাহিনীও একেই; কিন্তু “পিপড়া গুচোৱাত’’ ঘটনাক্ৰমে সি অলপ কৰুণতাৰ সীমা ছুইছেগৈ। যি হওক, ভীমে সুচাৰুৰূপে কৈলাসত গৰু-বখাৰে প্ৰথম অঙ্কৰ যৱনিকা পেলাই, ভাত খাবলৈ বুলি পাৰ্ব্বতীৰ বৰঘৰ সোমাই দ্বিতীয় অঙ্কৰ আঁৰ কাপোৰ তুলিলে। কাৰ্ত্তিক-গণেশৰ লগতে ভীম বহিল, আগৰ কথা মনত ৰাখি পাৰ্ব্বতীয়ে ভীমক একাঁহী ভাত দি থৈ আঞ্জা আনিবলৈ বুলি ভিতৰ সোমাল; ঘূৰি আহি শুদা কাঁহীখন ভীমৰ আগত দেখি তেওঁ বিচুৰ্ত্তি হল। জানোচা ভাত দিবলৈকে নহল বুলি আকৌ ভাত দিলেহি; এইদৰে তিনি চাৰি বাৰো ভাত-আঞ্জা দিয়াৰ অভিনয়-পুনৰভিনয় চলিল; শেষত যেতিয়া “চৰুৰ ব্যঞ্জন অন্ন সকলে ঢুকাইল”, তেতিয়া লাজতে পাৰ্ব্বতী আৰু ওলাই নাহিল। কিন্তু ভীম সিমানতে এৰা ভকত জানো? “ডাক দিয়া ভীমে বোলে শুনিয়োক আই। আৰু ভাত আনা মোৰ ভোক নপলায়॥’’ তেতিয়াও একো সমিধান নাপাই, ভীমে তেওঁলোকৰ ভিক্ষাজুলিখন বিচাৰি কলে, “আছে যদি চাউল খুদ দিয়া মোক আই। আধাপেটী ৰৈলোঁ তাক পেলাওঁ চোবাই।” তাৰ উত্তৰত পাৰ্ব্বতীয়ে কবলৈ বাধ্য হল, “আজি বাপু মোৰ ঘৰে নাহি খুদকণ।” এইবাৰ ভীমৰ অভিমান চায় কোনে? লোকৰ ঘৰত গৰখীয়া সোমাবলৈ আহিছে; টকা-কড়িৰ কথা যে নায়েই, অকল ভাতমুঠি,—তাকে এতিয়া পেট ভৰাই খাবলৈ নাপায় এই পৰ্ব্বতৰ সমান দুখ এতিয়া ভীমে থয় ক’ত?—

হেন শুনি ভীমে পাছে বুলিলেক বাক। গৰু চাৰিবাক লাগি পাঞ্চা যাকে তাক।
বুঢ়া গৰু ফুৰে সিটো লড়-বড় কৰি। ভাত নাই তাহক চাৰিবোঁ কেন কৰি॥
নচাৰোঁহো গৰু মই যৈকে তৈকে যাওঁ। তোমাঠেৰ ঘৰে আই বৰ দুঃখ পাওঁ॥
ৰাত্ৰিদিনে তোহোৰ ভাঙ্গৰ নাই উড়ি। সকলোয়ে খুন্দি মৰে ভাঙ্গৰ যে গুড়ি।
ধান নাই ভাঙ্গৰ পাতিয়া আছা দুলি! ভাঙ্গক ধৰিছা তোৰা পঞ্চামৃত বুলি॥
ঘোড়া নাই গৰুৰ ওপৰে ফুৰা উঠি। ঘৰে ঘৰে চাউল মাগি আনা একমুঠি॥
কাৰ্ত্তিক-গণপতি সমে থাকা তাক খাই। খাইবে নপাই শিৱে ফুৰে ডম্বৰু বজাই॥