পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ধাই নাম


 যি হওক, এনেতে বাওধান খােৱা হালধীয়া চৰাইটি চকুত পৰিল। কোনােবাই পিতাকৰ কালতাে ঈশ্বৰে দিয়া চকুযুৰিৰে এই তিনি-সন্ধিয়া এনে কথা দেখা-শুনা বুলি কব পাৰক নােৱাৰক, তেতিয়া হলে মোৰ আধা জাপ যোৱা চকুত তাৰ জেউতি ভালকৈয়ে জিলিকিছিল। কিন্তু এনে চকুত-লগা চৰাইটিৰ আলেখ-লেখ বুজিবলৈ নৌ-পাওঁতেই ওলালহি ‘শহুৰৰ পিতেক’ নাও মেলি! নাও হয় মেলিলে, তাতে জানো কি এফেৰি পাক লাগিল; তাৰে দোযত “নাৱে বােলে টুলুংভুটুং, বঠাই বােলে, টুলুং ভুটুং!” ইপিনেও শহুৰৰ লৰা, সিপিনেও সাঁজ লগা কাল! সেইদিনা বাৰটো কি আছিল আৰু নাও কোন পােনে মেলিছিল, জনা হলে কিবা ‘দিকশূল্’ হৈছিল নে কি, কথাটো নির্ণয় কৰিব পৰা হলহেতেন। কিন্তু তাত যে “ভাষা- শূল” হৈছিল সন্দেহ নাই । সংস্কৃত ‘পুত্র’ৰ পৰা ওলোৱা কথা “পুতেক" নহৈ “পিতা”ৰ লগত জোটাপুটি লাগি "পিতেক” হােৱাৰ বাবেই জানােচা। শহুৰৰ লৰাৰ নাও বুৰিব খুজিছিল!

 “অ' ফুল! অ’ ফুল! নুফুল কিয়” নামষাৰিৰ সৌন্দৰ্য্যবোধ আৰু বিচাৰ- প্রণালীয়ে শিশু-মন এনেকৈ হৰণ কৰিছিল! ইয়াত কেৱেই শুদা নহয়, কোনােৱেই সৈমান নহয় । কিন্তু তাৰ ভিতৰত যে খাল-পুখুৰী-সুন্দৰী ভেকুলী বাই, তেৱেঁই ভিক্টৰিয়া মহাৰাণী যেন হৈ শেষত নিজ শ্রেষ্ঠত্ব ৰক্ষা কৰিলেগৈ। কিয়নো, ফুল, গৰু, গৰখীয়া, ৰান্ধনী, আন নালাগে উজ্জয়িনীৰ বিক্রমাদিত্যৰ ৰাজসভাৰ শ্রেষ্ঠতম বন্ধু কালিদাসেও যাক ইমান শ্রদ্ধা আৰু সন্তর্পণে এই বুলিহে সম্বােধন কৰিছিল—“জাতং বংশে ভুৱনবিদিতে পুষ্কৰাৱৰ্ত্তকানাং। জানামি ত্বাং প্রকৃতিপুৰুষং কামৰূপং মঘোনঃ ॥” সেই মেঘ দেৱতাকো খাটাংকৈ সােধা হল—“অ' মেঘ। অ' মেঘ ! বৰষ কিয় ?” আৰু তাৰ উত্তৰতাে প্রশ্ন হল; কিন্তু ভেকুলী মহাৰাণীৰ কথাৰ ওপৰত আৰু প্রশ্ন নাই; তেওঁ যি ক'লে সুনা মাত্ৰকতে সকলো “চুপ!”— “বােপা ককাৰ বৃত্তিটো এৰিম বা কিয় ?”

 এই নামবােৰৰ তেনেহলে প্রথম যিটো গুণে আমাৰ চিত পােনেই টানি নিয়ে, সেইটো হৈছে, সিহঁতৰ সহজ কাব্যৰস। এই গীতবােৰৰ ৰচয়িতা কোন, কোন শকৰ মাহৰ কোন তিথিত ইহঁতৰ জন্ম হৈছিল, এনে প্রশ্ন স্বভাৱতে আমাৰ মনত উদয় নহয়। হয়বা ইয়াৰ কোনো