ৰচয়িতাই নাই, হয়বা কোনো নির্দিষ্ট মাহৰ নিৰ্দিষ্ট দিনত ইহঁতৰ জন্ম
হােৱা নাছিল । হব পাৰে কোনো নীৰৱ বাল্মীকি, অখ্যাত ব্যাস বা অজ্ঞাত
হ’মাৰে সকলােৰে মনৰ পৰিস্ফুট এই ভাববােৰক পােনতে ভাষা দান
কৰিছিল । হব পাৰে কোনো স্বর্গীয় মাহেন্দ্ৰ ক্ষণত পােনতে প্রাণ পাই ইহঁত
তাৰে পৰা চিৰকাল সঞ্জীৱিত হৈ আহিছে,—হব পাৰে ইহঁতৰ জন্ম দুই-
তিনি হাজাৰ বছৰৰ আগত, হব পাৰে সৌ সিদিনা; কিন্তু প্রকৃততে
ইহঁত একেলগে চিৰপুৰণি আৰু চিৰনতুন। ৰবীন্দ্রনাথেও কয়, দেশ-কাল
আৰু পাত্র ভেদে বয়সীয়া মানুহৰ কিমান নাে পৰিবৰ্ত্তন নহৈছে! কিন্তু
শিশু শত সহস্র বছৰৰ আগতে যেনে আছিল, আজিও তেনেই ; যুগৰ
পৰিবৰ্ত্তনত শিশুৰ নবীনতা, শিশুৰ সুকুমাৰতা, শিশুৰ মধুৰতাৰ যদি কেলেই
অকণো হ্রাস হলহেতেন । তাৰ কাৰণ, শিশু প্রকৃতিৰ স্ৰজন; মানুহ নিজৰ
ৰচনা। গাঁও ঈশ্বৰে স্ৰজা, নগৰ মানুহে গঢ়া; সেইদেখিয়েই নগৰৰ ইমান
পৰিবৰ্ত্তন, ইমান প্রভেদ ! তাৰ তুলনাত গাঁৱৰ পৰিবৰ্ত্তন আৰু প্ৰভেদ নাই
বুলিলেই হয়। সহজে সলনি নােহােৱাই সাহিত্যৰো এটি মহৎ লক্ষণ, ইয়াৰে
আন নাম চিৰত্ব। লৰাৰ দৰে লৰাই ওমলা নামবােৰতো এই চিৰত্বৰ সাঁচ
আছে ; তাৰ কাৰণেই এই নামবােৰ শত সহস্র বছৰৰ আগতে ৰচা
হলেও কালি ৰচা যেন লাগে আৰু কালি ৰচা হলেও সিহঁতক পুৰণিকলীয়া
মিতিৰৰ মুখ যেন লাগে।
কি কথা, কি সুৰ, ক'তো যদি এই গীতবােৰত কেলেই এফৰিও আয়াসৰ চিন দেখা গলহেতেন! অতি প্রতিভাশালী লেখক এনকো এনে কিছুমান নাম লিখিবলৈ হাতত কাপ-কাঠি তুলি দিয়াঁ, তেওঁ নিশ্চয় পৰাভয় মানিব ; মাজ নিশালৈকে চাকিয়ে চাকিয়ে তেল পুৰিও যে কোনােবাই এনে কিছুমান নাম ৰচনা কৰিব পাৰিব তাকো আশা কৰিব নােৱাৰি। অথচ ওপৰে ওপৰে চালে, এই গীতবােৰত একো নাই। ছন্দৰ ফালৰ পৰাই, ওপৰৰ প্রথম নামটোতে “বাতি”ৰ লগত “বাঁতি’ৰ দৰে “ফুল’’ৰ লগত “সুৰ” মিলাই গাই গল, কিন্তু সি ভালকৈ মিলিল নে নাই তালৈ কোনেও এবাৰ কেৰাহিকৈয়ে নাচালে। ভাবৰ বিষয়েও সেই একে কথা,— দ্বিতীয় গীতটিতে চোৱা হওক,—পােনতে জোনক তৰা খুজিলে, জোনে নিদিলে। ততালিকে তিনিগধুলিও হালধীয়া চৰায়ে বাওধান খালেহি, আৰু