পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ অধ্যয়ন

কাণ কাটি কেনেকৈ বাঁতি (বন্তি) লগাব পাৰি; শিয়ালিৰ মুৰত নো কি মৰুৱা ফুল থাকে, ৰতনপুৰ ছহৰখনেই বা কত; মনত এনেবোৰ বেবেৰিবাং প্ৰশ্নৰ কেতিয়াও উদয় নহৈছিল। তেতিয়া মই জানিব লগা কথাকেইটি হলে জানিছিলোঁ। যে মটাই হওক বা মাইকিয়েই হওক, মোক সদায় গধুলি খাবলৈ অহাটোৱেই “শিয়ালি”, আৰু বাকী আটাইবোৰ শিয়াল। আন- বোৰৰ কাণ কাটি বাঁতি লগাব পাৰি বা নোৱাৰি, মোৰ শিৱালিৰ হলে নিশ্চয় পাৰি। নহলে সি কিয় সদায় এই নামষাৰ গালেই পলাই ফাঁট মাৰিছিল, আৰু নহলে এই দুফাকি পদতে বা "বাতি”, “কাটি” আৰু “বাঁতি” ইমান সহজে মিলি যাব কিয়! মৰুৱা যি জাতিৰ ফুলেই হওক, অৱশ্যে অতি ৰূপহ; আৰু ৰতনপুৰৰ ভৌগোলিক বিৱৰণ যিয়েই নহওক, সি নিশ্চয় বৰ বিতোপন ছহৰ; নহলেনো মোৰ শিয়ালি পলাই সেই একে ঠাইলৈকেহে সদায় কিয় যাব? আজিও চাগৈ সি তাতে গাত খানি পলাই তাৰে এটি ৰতন হৈ আছেগৈ। নকৈ কি, শিয়ালিৰ ভয়ত তেতিয়া বাহিৰৰ চকু জাপ খাই সদায় মোৰ লৰালিৰ অন্তৰ্চকুহে মেলি দিছিল। সেই দিব্য দৃষ্টিৰে মই মহা-পুষ্প ভূষিত শিয়ালিৰ অপৰূপ ৰূপ দেখিছিলোঁ আৰু দেখি ভয়-মিহলি তৃপ্তিও লভিছিলোঁ। আজিও যেন সেই নামষাৰি শুনিলে ছঁয়া- ময়াকৈ সেই ৰূপ মনত পৰে।

 “জোনবাই এ' তৰা এটি দিয়া” নামধাৰি শুনা মাত্ৰেই কিন্তু জাপ যাব খোজা চকুও বলেৰে ট-টকৰে মেলি মুকলি আকাশৰ অপূৰ্ব্ব শোভা চাই চকু জুৰাইছিলোঁ। কিন্তু, উঃ পোৰা কপাল! জোনবাইৰ চাৰিওকাষে ইমান- বোৰ পাৰিষদ আৰু লগুৱা-লিকচৌ তৰা আছে, তাৰে এটি তৰা মাথোন খুজিছিল মোৰ কাৰণে; কিন্তু এটি খুজিলে পাতল বুজায় বুলি ততালিকে শুধৰণি দিয়া হল—“এটি তৰা নালাগে, দুটি তৰা দিয়াঁ। অথচ জোনবায়ে ভায়েকৰ কোনোটি কথাকে নাৰাখি কি কাণৰ বাটে নোসোমোৱা উত্তৰটো দিলে—“পাত নাই, চোত নাই, কিহতকৈ দিম?” অৱশ্যে এই উত্তৰৰ পৰা বুজা গল, তেওঁৰ দিবৰ মন নাই। কিন্তু আমাৰ ভিতৰতে কবলৈ হলে, জোনবাইৰ ইমানবোৰ লগুৱা-লিগিৰীৰ দিনে কিমানক ‘পপীয়া’ বুলি বিদায় দিছে! নাম-কটা তাৰে এটিকে হলেও দান কৰি যদি তেও ভাইটিৰ মান ৰাখিলেহেঁতেন!