পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪০
অসমীয়া সাহিত্যৰ অধ্যয়ন


ব্যৱহাৰকেহে দেখুওৱা হৈছে। একাধিক পত্নীযুক্ত পুৰুষৰ কেনে দুৰৱস্থা হব পাৰে, ‘পাৰিজাত হৰণ’’ নাটকত দুই সতিনীৰ, ৰুক্মিণী আৰু সত্যভামাৰ, টনা-আজোৰাত কৃষ্ণক ৰাখি শ্ৰীশঙ্কৰদেৱে তাকে সুন্দৰকৈ দেখুৱাইছে। বৰ্ত্তমান কাব্য-কথাতো তেওঁলোকৰ ঠাইত, লক্ষ্মী আৰু ঘুনুচাৰ মাজত কৃষ্ণক ৰাখি শ্ৰীধৰ কন্দলীয়েও তেনে এটি চিত্ৰকে আঁকিছে।

 “নমো লক্ষ্মী মাৱ তুমি হুয়োক সদয়। তুমি জগতৰ আদি প্ৰকৃতি নিশ্চয়। তোমাৰেসে সত্ত্ব ৰজস্তম তিনি গুণ। তুমি জগতৰে সৃষ্টি স্থিতিৰ কাৰণ॥” বুলি কবিয়ে মূলকথা আমাক সোঁৱৰাই দিও, পাৰ্থিৱ আৰু মানৱী ভাবত, ঘাইকৈ দুই সতিনীৰ হাতত তেওঁৰ কেনে বিকৃতি ঘটিছে, তাক দেখুৱাইছে। ত্ৰিগুণালঙ্কৃতা প্ৰকৃতি লক্ষ্মী এতিয়া সাংসাৰিক জ্ঞানালঙ্কৃতাহে; দুদিনৰ মুৰতো কৃষ্ণ ঘূৰি নহাত তেওঁ—“যাইবো যাদৱ পাশে, আউৰ ঐক আসে নাসে, আষাৰেক মই পুছি চাওঁ” বুলি সামাজিক অপবাদৰ হাত এৰাবলৈহে যত্ন কৰিলে—“ঘুনুচা মাৱৰ ঘৰে, ৰৌক পাছে দামোদৰ, লোকত মই বৈকৃতি এৰাওঁ।” অকল ইমানেই নহয়, বাটত যাওঁতে যাওঁতে লক্ষ্মীৰ খঙৰ ভমক আৰু চৰিল; কৃষ্ণৰ লৌকিক চৰিত্ৰও পৰিচাবিলাকৰ আগত বিদাৰিবলৈ বাকী নথলে,—“এক গোটা তিৰি পাই, ভোল ভৈল যদুৰায়, এড়িলেক ঘৰ আপোনাৰ। ষোড়শ বৎসৰ মানে, ভাৰ্য্যা নাপাই একোথানে, ফুৰিলা বৰলা ভাত খাই। উপায় কৰিবে পাছে, আসি যাদৱৰ কাছে, মই পুনঃ ধৰিলোঁ চপাই॥ মই নভৈলে ভিক্ষা নাই, তথাপিতো যদুৰায়, মোক মনে নপাইলেক গুণি। টেটোন যুবাৰ নয়, মোক আৰ নোসোধয়, পাই ভাৰ্য্যা নাগৰী টেটোনী।” অধিক কি, “যুবা কাল বহি গৈল, বল বীৰ্য টুটি গৈল, তথাপিতো তিৰিকেসে মন” বুলি শ্ৰীকৃষ্ণত লুতুৰা স্বভাবো আৰোপ কৰিবলৈ নেৰিলে। শ্ৰীকৃষ্ণ “লুভীয়া টেটোন" স্বভাৱৰ কথা আটায়ে আগতে জানিলেও, নিজে লোক-অপযশৰ হাত সাৰিবলৈহে যে লক্ষ্মীয়ে এই যাত্ৰা কৰিছে, সেই কথা পৰিচাবিলাকৰ আগত এই বুলি দোহাৰিছে—

 “কিন্তু লোকে হাসিবেক, নুসুধিলে বুলি মোক, দম্ভ কৰিলেক তিৰী হুই! এতেকেসে চলি যাওঁ, আসে নাসে পুছি চাওঁ, সতিনীৰ মাথে দেওঁ জুই॥” এফালে যেনেকৈ লক্ষ্মীৰ খঙৰ ভমক, ইফালে সেইদৰে ঘুনুচাৰ বিনয় ভাৱ বিশেষ মন কৰিব লগীয়া৷ লক্ষ্মী অহা বুলি শুনিয়ে তেওঁৰ চুলিৰ আগেদি জীৱ