পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪১
ঘুনুচা যাত্ৰা কাব্য—শ্ৰীধৰ কন্দলী


গল,—“জানো লক্ষ্মী আহি দৌল সোমায়। ডৰে জানো মোৰ ধাতু উৰায়॥” লক্ষ্মী কোনোমতে উলটি গলত সেই যাত্ৰালৈ ৰক্ষা পৰিল যদিও, সাদিনৰ দিনা যেতিয়া কৃষ্ণ লক্ষ্মীৰ ঘৰলৈ উলটিব খুজিলে, ঘুনুচাৰ দুখ কুলায়-পাচিয়ে নধৰা হল,—“গদ গদ বাক্যে বুলিবে লাগিলা মাধৱৰ ধৰি পাৱে। নাহি মোৰ আই, নাহি মোৰ ভাই সব গৈল পৰলোক। ইসৱ সমস্তে, তোমাৰ পাৱত, অৰ্পিয়া গৈলেক মোক॥ এৰি গৈলে মোক, হাসিবেক লোক, ঘুনুচাক দুষ্টা জানি। গৃহক আসিয়া, গৈলাহা তেজিয়া, সিকাৰণে চক্ৰপাণি॥ হেন বাণী বুলি, ঘুনুচা সুন্দৰী, কৃষ্ণৰ পৰিয়া পাৱে। হুমাহুমি কৰি, কান্দিবে লাগিলা, মনে অসন্তোষ ভাৱে॥’’

 এইজন কবিৰে প্ৰসিদ্ধ “কাণখোৱা” আৰু ৰামসৰস্বতীৰ সৰবৰহী “ভীম- চৰিত” পুথিৰ দুযে, “ঘুনুচা-যাত্ৰা”ও, ওপৰত তুলি দিয়া লক্ষ্মীৰ বচনত দেখা পোৱাৰ দৰে হাস্যৰসেৰে জুপজুপীয়া; ই সংস্কৃত কাব্যৰ নিৰহ-নিপানী ভাঙনি মাথোন নহয়। শব্দাৱলী, ৰচনা-ৰীতি, বৰ্ণনা আৰু চৰিত্ৰ-অঙ্কনত শ্ৰীশঙ্কৰদেৱৰ “ৰুক্মিণী-হৰণ” কাব্য আদিৰ দৰেই ইয়াক মৌলিক আৰু হাড়ে- হিমেজুৱে অসমীয়া বুলিব পাৰি। “ৰুক্মিণী হৰণ’’ৰ শশীপ্ৰভাৰ দৰেই লক্ষ্মীতো সকলো প্ৰকাৰে এগৰাকী অসমীয়া বোৱাৰীৰ ভাব-ভঙ্গীকে দেখা পাওঁহক। ওপৰত দিয়া উদাহৰণৰ উপৰিও ঘুনুচাৰ ঘৰৰ পৰা কিবা উপহাৰ দি কৃষ্ণই ভালৰি লগাই পঠিয়াবৰ দিহা কৰোঁতে লক্ষ্মীয়ে কৈছে—“বস্তুৰ দুঃখিনী মোক যাদৱে জানিল। এতেকেসে মোক লাগি দধি মধু দিল॥ যাদৱৰ বাক্যে মোৰ গাৱ নুজুড়ায়। গুচি আইল মোক শুদা গৃহতে পেলাই॥ আৰু যাদৱত মোৰ কিবা আছে লাই। যাইবাক নালাগে মোৰ গৃহক দুনাই।” “কথাক নকৈল মোক গৈল পৰিহৰি। পৰৰ ভাৰ্য্যাক যেন পৰে যায় এড়ি॥ মই বিনে যাদৱ যে বঞ্চিবাক পাৰে। যাদৱ নভৈল দিন নযায় কি মোৰে॥” “শিশুকাল হন্তে যাদৱৰ ধৰোঁ আল। তথাপিতো তান্ত মই নোবোলাইলোঁ ভাল॥”

 পদুলিত এপৰ বেলি আটক হৈ থাকি “ইবাৰ জানিবা সৱে মোৰে ভৈল দোষ।” “আৰু গৃহ ছাড়ি মই নযাওঁ নযাওঁ” বুলি শ্ৰীকৃষ্ণ যিমানেই সেও হৈ পৰিল, তেও ৰুক্মিণীৰ হাতত তেওঁৰ এৰন নহল। কোনোবা এটা চ'ত মাহত তেওঁৰ ভায়েক গোবিন্দ ঠাকুৰে মালীয়াৰ ঘৰত ফুল-চোৰ পৰাত তেওঁক দণ্ডি যে তিনি শ টকা আনিছিল, কৃষ্ণক পদুলিত ৰাখি ধনৰ লুভুনী লক্ষ্মীয়ে সেই