পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ঘুনুচা যাত্ৰা কাব্য—শ্ৰীধৰ কন্দলী


‘সুকবি শেখৰ’ ৰত্নাকৰ কন্দলীৰ “সহস্ৰ নাম বৃত্তান্ত”ৰ দৰে ধৰ কন্দলীৰ “ঘুনুচা যাত্ৰা” নামৰ এধানমান কাব্যখনো কোনো কোনোৱে শ্ৰীশঙ্কৰদেৱৰ “কীৰ্ত্তন’’ৰ অন্তৰ্গত কৰি প্ৰকাশ কৰে। অনন্ত কন্দলীৰ দৰেই মহা শঙ্কৰ-ভক্ত এই গৰাকী বৈষ্ণৱ কবিৰ এই ৰচনা “কীৰ্ত্তন’’ৰ শাৰীত ঠাই পোৱাত বিশেষ আপত্তি কৰিবৰ ঠাই নাথাকিলেও এনে কৰাৰ সবিশেষ মূল পোৱা নহয়।

 ঘুনুচা-যাত্ৰাৰ কাব্য-কথা জগন্নাথ পুৰাণৰ অন্তৰ্গত; নাৰদৰ আগত ব্ৰহ্মাই এই কাহিনী বৰ্ণোৱা বুলি প্ৰখ্যাত। কিন্তু “আনো শাস্ত্ৰ মত আনি মিশ্ৰ কৰি মাজে। পদ্যাৰ্থে ৰচিলোঁ যেৱে বুজে সামৰাজে”—বুলি কবিয়ে নিজেই কৈছে। ইন্দ্ৰদ্যুম্ন ৰজাই “মহা স্নেহ কৰি” “ঘুঞ্চা নামে জীউখানি সৰ্ব্বসৌভাগিনী। কৃষ্ণক দিলন্ত বিহা বিধিৱতে আনি॥” এওঁৰ ঘৰলৈকে আষাঢ় মাহৰ শুক্লা তৃতীয়া তিথিত কৃষ্ণই বলোভদ্ৰ, সুভদ্ৰা আৰু পাণ্ডা-পৰিচা লগত লৈ বিজয় যাত্ৰা কৰি- ছিল,—“কৃষ্ণৰ কীৰ্ত্তন কৰিয়া উৎসুকে ফন্তু গুণ্ডি সিঞ্চি যায়।’’ এনে নানান ক্ৰীড়া-কৌতুকেৰে গৈ ঘুনুচাৰ ঘৰ পাই তাতে তেওঁলোক সাদিন থাকে।

 ইফালে ছদিনৰ দিনাও কৃষ্ণ উলটি নহা দেখি লক্ষ্মীও “আজি গৈয়া লাগ পাইবোঁ, ঘুনুচাৰ মাথা খাইবোঁ, কৰিবোঁ উচিত যাদৱৰ” বুলি নিজ পাণ্ড-পৰিচা লগত লৈ ঘুনুচাৰ ঘৰ ওলালগৈ। লক্ষ্মীৰ খঙৰ গোট দেখি ঘুনুচাৰ পেটতে হাত-ভৰি লুকাল; কৃষ্ণই চল-বুদ্ধি কৰি কোনোমতে তেওঁক ওলটাই পঠিয়ালতহে জানিবা ঘুনুচাই উশাহ লব পাৰিলে। পিছ দিনা কৃষ্ণ বলোভদ্ৰ আদি সকলো উলটি গল; কিন্তু খঙতে লক্ষ্মীয় পদূলিৰ দুৱাৰ মেলি নিদি আটাইকে ভালেখিনি পৰলৈ বাটতে ৰখাই থলে। নানান কাকুতি-মিনতিৰ মুৰতহে জানিবা দুৱাৰ মেল খালে।

 সদৌ অসমীয়া বৈষ্ণৱ সাহিত্যৰ দৰেই এই কাব্য-কথাও ভক্তি-ৰসাত্মক আৰু কৃষ্ণলীলামূলক। ধৰ্ম্ম ভাবত যেনেকৈ ইয়াৰ মূল্য অনুপম কৃষ্ণ-কীৰ্ত্তনত, কাব্য স্বৰূপে সেইদৰে ইয়াৰ মোল জীৱনৰ অভিনৱ অভিব্যক্তিত। “কৃষ্ণস্তু ভগবান্ স্বয়ং। হলেও তেওঁ মানৱ দেহ ধাৰণ কৰিছিল গুণে ইয়াত তেওঁৰ মানৱী