পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৮
অসমীয়া সাহিত্যৰ অধ্যয়ন


 কিন্তু বাৎসল্যপ্ৰিয় ভক্ত কৱিয়ে যশোদাৰ পুত্ৰ-স্নেহৰ গভীৰতা জানো ইমানকে দেখুৱাই এৰিছে? বাটৰুৱাৰ পৰা আশাপ্ৰদ সমিধান নাপাই যশোদা একেবাৰে মূৰ্চ্ছিত হৈ মাটিত লেটি লৈ পৰিল। এনেতে এজনী গোপী আহি তেওঁৰ বতৰা সুধিলে; উত্তৰত যশোদাই দুখৰ সেই বুকু-ভঙা বাতৰি কলে —

 “হে মাই গোৱাৰি! তোহো হামু অভাগিনীত কি পুছহ? মুহো অনেক পুণ্য কৰিয়ে দেৱতাক ৰৰে কৃষ্ণক পুত্ৰ পাৱলোঁ। সে প্ৰাণপুত্ৰ কৃষ্ণ খেৰি খেলাইতে বিহানে বজাৱল। বিয়াল ভৈ গৈল এখনো নাহি আৱল। সে প্ৰাণপুত্ৰক বিচাৰি নপাই হামাৰি প্ৰাণ কৈছে ৰহব?”

 ইয়াৰ পাছত অৱশ্যে সেই গোপীয়ে যশোদাক কৃষ্ণৰ শুভ বাতৰি দি জানিবা প্ৰাণদানহে দিলে! কৃষ্ণৰ ক্ৰীড়া-কৌতুকৰ সেই ঠাইলৈ যশোদাক লৈ যোৱা হল। কিন্তু দোলা দেখি বৰুৱা আকৌ খোৰা হল; একে জাঁপেই কৃষ্ণ মাকৰ কোলাত উঠিল আৰু “শ্ৰীকৃষ্ণ মাৱক স্তন পান কয়ে মাৱক বদন নিৰেখি কান্দি কান্দি গোপীক সৱ বৃত্তান্ত শুনাৱল।’’

 এইখিনিতে কাব্যৰ বিজয়মণ্ডিত চূড়ান্ত আৰু চতুৰ শিশু কৃষ্ণৰ সম্পূৰ্ণ জয়-জয়কাৰৰ মাজত নাটকৰ সমাপতি, যেতিয়া যশোদাই কৈ উঠিল— “আহে ঢাণ্ডী গোৱালী সৱ! দাসীক দাসী। তোহো সৱ হামাৰ ওহি বালক শ্ৰীকৃষ্ণক চোৰ বুলিয়ে কলঙ্ক কৰছি? ছিঃ! তোৰা সৱক মুখে ছাৰ পড়োক। হে বাপু কৃষ্ণ! ওহি বান্দীসৱক ঠায়ে আৱৰ নাহি আৱবি। হামাৰ ঘৰে দধি দুগ্ধ লৱণু কে পুছত? যত খাইতে পাৰ তত হামু, দেৱব। তোহৰি পাৱৰ বালাই লওঁ! আহে বাপু! তোহো হামাৰ কোটি পুৰুষক দেৱকো দেৱতা, মাথাক মুকুট, গলক সাতসৰি, বুকৰ শীতল চন্দন।”

বাঁহী, পঞ্চদশ বছৰ, ষষ্ট সংখ্যা আহিন, ১৮৪৭।

⸻⸻