পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চোৰধৰা অঙ্ক—শ্ৰীমাধৱদেৱ
১৩৭


সখি সৱ! শ্ৰীদাম, সুদাম, বিশাল, ঋষভ, স্তোক কৃষ্ণ, সুবেল, অৰ্জ্জুন। তুহোঁ সৱ সত্বৰে আৱ। হামাক একেশ্বৰ দেখিয়ে চোৰ বোলিয়ে বহুত ঝুন্টা ঝগৰা কৰইছে।

 নিমিষতে উভয় পক্ষৰ সৈন্য গোট খালত মহা হুলস্থুল লাগিল; কোন বাদী, কোন বা প্ৰতিবাদী তাৰ চিন হেৰাল। এতিয়া কৃষ্ণক পায় কোনে? তেওঁ ডাঙৰকৈ মাত দিলে—

 “আহে ঢাণ্ডী গোৱাৰীসৱ! হামাক কলঙ্ক দিয়ে তোৰা সৱ কি এৰাইতে চাৱ। তোৰাসৱক আজু মাৱক আও নিয়া ভেটব। হামাক বাত বুঝব।” “আপনহি সৱে দধি দুগ্ধ খাই হামাক কলঙ্ক দেসি। তোৰা সৱক হামু ছাড়বো নাহি।”

 গোপীসকলে এতিয়াহে বুজিলে, তেওঁলোকে কি বৰলৰ বাহ খোকাই লৈছে! অগত্যা তেওঁলোকে কথাৰ বান্ধ ঢিলাই দিবলৈ বাধ্য হল,—“আহে কানাই! তোহাক হামু চোৰ নাহি বুলিয়ে। তেহে আপোন গৃহে যায়। তোহাক হামো সৱে ছাৰলো।’’

 

কিন্তু এতিয়া অৰে এৰিলেও কৰ্পটীয়ে নেৰে। তথাপি এটা সমিল-মিলৰ

অৱশ্যক দেখি কৃষ্ণই কলে “আহে ঢাণ্ডী গোৱাৰী সৱ! তোহো যৱ ছোড়হ, হামু, তোহাক নাহি ছোড়ি। তৱ ছোড়ি যৱ আমাক কিছু লৱণু, দেহ।” এই প্ৰস্তাৱকে গোপীসকলে আদৰি ললে; কৃষ্ণই নৃত্য-গীত কৰিব, গোপীসকলে তাৰ মাজে মাজে লৱণুৰ যোগান ধৰিব, এই মীমাংসাত দ্বন্দ ওৰ পৰিল। প্ৰায় এনে ধৰণৰ এটি খুহুটীয়া কাব্য-কথা দেখা পোহা হয় কবিবৰ ৰাম-সৰস্বতীৰ “ভীম-চৰিত” পুথিত, যেতিয়া ভীমে নিযজে গফ মাৰি এবাৰ কাৰ্ত্তিক-গণেশক, আৰু তাৰ বিপৰীতে সাক্ষী হব খোজাত ঋষি বিশ্বামিত্ৰৰ গাত, ঘূৰি গৰু মৰা বাদ দিয়ে।

 ইফালে, দামুৰি হেৰুৱাই বিয়াকুল হোৱা গাইৰ দৰে, কৃষ্ণক বিচাৰি যমুনাৰ পাৰে পাৰে আহি উপস্থিত হল যশোদা৷ বাটৰ বাটৰুৱাক সুধিবলৈ বাকী থোৱা নাই,—হেৰা বাটৰুৱা, মোৰ লৰা কলৈ গৈছে কৰবাত দেখিছাঁ যদি বেগাই কোৱা। “আহে পথিক! হামাৰি বালক ঐছন ৰূপ, ভণ্টা খেড়ি খেলাইতে শ্ৰমজলে বদন-পঙ্কজে শোভা কৰইছে। কুবলয় দল জিনিয়ে শ্যাম শৰীৰ প্ৰকাশ কৰইছে। পেখিতে পৰম আনন্দ মিলত।