পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


গ্ৰীছীয় ইটালীয় আদি নাটৰ কোনো প্ৰভাৱ নাছিল বুলিয়ে ইউৰপীয় পণ্ডিত- সকলৰো মত। অসমীয়া পুৰণি নাটবোৰেও এই ধৰ্ম্ম-ভাবৰ মূলটোকে ৰক্ষা কৰিছে আৰু সেইবোৰ তাতেই কেন্দ্ৰীভূত।

 শিতানত নাম দিয়া মাধৱদেৱৰ এই এখুদমান নাটখনিও ধৰ্ম্মমূলক, ভগৱান শ্ৰীকৃষ্ণ শিশুলীলাক আশ্ৰয় কৰি লিখা। বিষয়, কৃষ্ণই গোপীৰ ঘৰত লৱণু চুৰ কৰা। এনে কথা মহাভাৰত, বিষ্ণুপুৰাণ, ক’তো নাই। কথা-প্ৰসঙ্গত মাথোন হৰিবংশত সামান্য উল্লেখ আছে। ভাগৱততহে ইয়াৰ ৰূপত ৰহন চৰিছে। তথাপি অসমীয়া বৈষ্ণৱ কবিয়ে বৰ্ণোৱা মতে কোনো ঘটনা আন ক’তো পাবলৈ নাই; শিশু কৃষ্ণৰ চতুৰতাৰ দুই এটা কথা পুৰাণ আদিৰ পৰা ধৰি মাধৱদেৱে এই বিতোপন নাটিকা লিখিলে। ইয়াৰ বৰ ভাৱৰীয় শিশু কৃষ্ণৰ কাৰণে ভক্ত কবিৰ বাৎসল্যৰসপূৰ্ণ পবিত্ৰ ভক্তিৰ এটি উমি উমি তাপৰ ভালকৈয়ে গম ধৰিব পাৰি। “কীৰ্ত্তন” আৰু “দশমত’’ থকা শ্ৰীশঙ্কৰ- দেৱৰ অনুপম শিশুলীলা বৰ্ণনাৰ উপৰিও, মাধৱদেৱৰ ৰচিত নানান গীত, কৱিতা আৰু নাটত, আৰু শ্ৰীধৰ কন্দলীৰ “কাণখোৱা’’ পুথিত থকা শিশু কৃষ্ণ বিষয়ক উপাদেয় ৰচনা এই বাৎসল্য ৰসত ভালকৈয়ে সেমেকিছে।

 নাটকখনি এটি সুন্দৰ সংস্কৃত শ্লোকেৰে মুকলি কৰি সুৱলা ব্ৰজবুলি মাতেৰে সুত্ৰধাৰ আৰু ভাৱৰীয়াসকলৰ বচন আৰম্ভ হৈছে। সেই কালৰ চলিত প্ৰথামতে পোনতে সূত্ৰধাৰ আহি নাটৰ সোণালী সূত্ৰডালি দাঙি ধৰিলে। সাধাৰণ সূত্ৰৰ পিছত বিশেষ সূত্ৰও কলে,—

 “হে সামাজিক লোক! এক দিবসে গোপীক শূন্য গৃহে দেখিয়ে শ্ৰীকৃষ্ণ লৱণু চোৰ কৰিতে পৈশল। তথি গোপী বাহু মেলি দ্বাৰ বন্ধ কয়ে কহো। পৰাক গোপীসৱ সহিতে কৃষ্ণক যৈছে চোৰ ধৰল, তাহেক দেখহ শুনহ, নিৰন্তৰ হৰি বোল, হৰি বোল।”

 ইয়াৰ পাছতে নাটকৰ ঘাই অংশ। গিৰিহঁতনীয়ে চোৰক দুৱাৰ জপাই ধৰি জয়ৰ উলাহত লগৰীয়াসকলক মাত দিলে,-“সখীহঁত, গভাইত চোৰ ধৰা পৰিছে; আজি এৰন নাই, তোমালোক বেগতে আহাঁ, নাহিলে “হামাকু মাৰিয়ে চোৰ পলাৱব।”

 চোৰটি যে এলা-পেচা বিধৰ নহয় সেইটো ঠিক। গোপীসকল চাৰিওফালৰ পৰা চাপি-কুচি অহা দেখি কৃষ্ণয়ো নিজ সৈন্য-সামন্ত আহ্বান কৰিলে, “আহে