পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩২
অসমীয়া সাহিত্যৰ অধ্যয়ন


অহাৰ লগতে মাকৰ উখল-মাখল লাগিল—“ৰুক্মিণী জীয়াইৰ আৱে ভৈল কন্যা-কাল। বিচাৰিয়ো বৰ ৰাজা কৈত আছে ভাল॥” বুলি ৰজাৰ আগত উনুকিয়ালে। অকল উনুকিয়ায়ে এৰিলে জানো?—“সাত পাঞ্চ নাহি মোৰ জীউ এক গুটি। কেন মতে আসে প্ৰভু নিশ্চিন্তে ঘুমটি॥” বুলি পেৰিবলৈ ধৰিলে। আন দহ গৰাকী মাকৰ দৰেই মহাদৈয়েও পূৰ্ণ সংসাৰ-জ্ঞানেৰে ৰজাক আকৌ কলে—“ৰুক্মিণী সদৃশ বৰ চাহিও সকাল। ৰূপ-গুণ চাহি যেন দশে বোলে ভাল॥ ভাল চাহি দিলে দৈবে যেহি লাগে হোক”—ইত্যাদি। সেইমতে বাণীৰে কথা হৈ ৰজাই জ্ঞাতি-কুটুম্ব আৰু পাঁচ পুত্ৰ মতাই আনি কলে বোলে দুয়ো পিতৃ-মাতৃয়ে ৰুক্মিণীলৈ কৃষ্ণৰ বাহিৰে আন যোগ্য বৰ পোৱা নাই, গতিকে তেওঁতে বিয়া দিবলৈ যেন আটায়ে সম্মত হয়। আৰু কলে, “ত্ৰিজগত পতি যেৱে হোৱন্ত জমাই। আছোক মনুষ্য দেৱতাকো শঙ্কা নাই।” এক ৰুক্মৰ বাহিৰে আটায়ে সেই প্ৰস্তাবত মত দিলে; ৰুক্ম কিন্তু জ্বলি-পকি উঠিল—“আনতো নভৈল তুমি পিতৃ নামে খাইলা। যাদৱ গোটক বৰ জমাই খুজি পাইলা।” আৰু বঢ়া-বঢ়ি নহওক বুলি ৰজাই ৰুক্মৰ কথামতেই শিশু- পালৰ লগত কক্মিণীৰ বিয়াৰ দিহা হওক বুলি শাম কাটিলে। সুমালিনী বাইৰ “হৰস-ফৰস কৰি কথা কহে তাই” আৰু বেদনিধি বাপুৰ “সামান্য ব্ৰাহ্মণ হেন নেদেখিবি মোক। পৰ্য্যটি আসিবে পাৰোঁ এই তিনি লোক॥” আদি একো- ফাকি কথাই, চিত্ৰকৰৰ লিখনীৰ এটি সামান্য ঘঁহাই একোখনি সম্পূৰ্ণ চিত্ৰ আঁকি দিয়াৰ দৰে, তেওঁলোকৰ চৰিত্ৰ ফুটাই তুলিছে। ৰুক্ম বীৰৰ বিষয়েও এই একে কথাই। পাঁচ ভাইৰ মাজৰ নুমলীয়া ভনীটী ৰুক্মিণী আইদেৱৰ অনুপম বৰ্ণনা ( ১৮-২৫ ) মহাপুৰুষৰ পাছৰ বয়সত ৰচা নাটত ঘনীভূত হৈ পৰিছে “ভিক্ষুক’’ৰ মধুৰ ভটিমাত।

 বিতোপন পদৰ দ্বাৰকা বৰ্ণনাত অনুপম দুলৰী ছন্দৰ কুণ্ডিল বৰ্ণনাত নবীন কবিৰ চতুৰ্য্য আৰু কাৰিকৰি সুন্দৰ হৈ ফুটি ওলাইছে। কুণ্ডিল নগৰৰ একোটি ঘৰৰ দৰেই যেন ইয়াতো—“বিচিত্ৰ কষটি, কাটি শিলাকুটি, গৃহৰ বান্ধিলা কান্থি।” একৃষ্ণ কুণ্ডিললৈ অহা শুনি “উৰুক-মুৰুক কৰি পিন্ধে অলঙ্কাৰ”, “হলফল কৰে স্তন কেশ আউল-জাউল’’ আৰু ৰামায়ণত শ্ৰীৰামচন্দ্ৰৰ ৰূপ সমজুৱাসকলে “চক্ষুভিঃ পীয়ন্তে মুহুৰ্মুহুঃ কৰাৰ দৰে শ্ৰীকৃষ্ণকো গভীৰ ধ্যানত “বাহুৱে আলিঙ্গি যেন নেত্ৰে কৰে পান”–আদি বিৱৰণত