পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩১
ৰুক্মিণীহৰণ—শ্ৰীশঙ্কৰদেৱ


গোট।’’—ৰামচৰণ, শঙ্কৰচৰিত। “স্বভাৱতে স্ত্ৰীজাতি নোহে স্বতন্তৰী।’’ —ৰুক্মিণী হৰণ; “তিনিয়ো কালত নাৰী নোহে স্বতন্তৰী।”—কুমৰ হৰণ। “.......... কঙ্কালে। মুঠিতে লুকায় যেন বতাসতে হালে॥”—কক্মিণীহৰণ; মধ্যে হলে কায়। বাসতে লৰে অতি ভাগি নপৰয়।’’—কুমৰহৰণ।

 ৰুক্মিণীহৰণ নাটত শ্ৰীকৃষ্ণলৈ ৰুক্মিণীৰ পত্ৰ—“স্বস্তি শ্ৰীপৰমেশ্বৰ সকল-সুৰা- সুৰ-বন্দিত পাদপদ্ম প্ৰপন্নজনতাৰণ নাৰায়ণ শ্ৰীকৃষ্ণচৰণ-সৰোজেযু, ৰুক্মিণ্যাঃ সহস্ৰ প্ৰণাম লিখনম্। শিৱমিহ নিবেদনঞ্চ॥ হে স্বামি! ভিক্ষুক মুখে ভব গুণ-ৰূপ শুনিয়ে কায়বাক্যমনে তোহাক পতিভাৱে বৰইছি। তথি পাপী শিশুপাল হামাক বিবাহ কৰিতে আৱল থিক। যৈচে সিংহক ভাগ নিতে শৃগাল আসয় থিক। তাহে দেখিয়ে ভয়ে দণ্ডে যুগ যাই। জানি হামু নিজ দাসীক সত্ত্বৰে নেৱ আসিয়া স্বামী!! যৱ বোল তোহো অন্তেষপুৰে ৰহ কোন পৰকাৰে ভেট পাৱব, তথি উপায় কহোঁ॥ হে নাথ তা শুনহ, বিবাহক পূৰ্ব্ব দিবস ভৱানীক মঠ চলব। সে সময় হামাক ধৰি নিয়ে যাৱ॥ যব তোহোঁ হেলা কৰি হামাক নাহি নেৱব, তব তোহাত বধ দিয়ে হামো প্ৰাণ ছাড়ব। পাপী শিশুপালক ছায়া হামো কবহো পাৱে নাহি পৰশো। ওহি জানি নিজ দাসীক হে নাথ উদ্ধৰ উদ্ধৰ৷ তযৱ চৰণ সবোকহে কিং বহু লেখ্যমিতি পত্ৰনিদম্।”—এই কথাকে কবিয়ে আকৌ ৰুক্মিণীহৰণ কাব্যত ভাব আৰু ভাষাৰ অপূৰ্ব্ব হেন্দোলনি তোলা যি অনুপম ছবি ছন্দত বৰ্ণাইছে (১০০-১০৫ ) শঙ্কৰ-প্ৰাণ শ্ৰীচন্দ্ৰভাৰতীয়েও তেওঁৰ কুমৰহৰণ কাব্যৰ উষাৰ স্বপ্ন-কাহিনীত একে ছবি-ছন্দকে ব্যৱহাৰ কৰিছে।

 ৰুক্মিণীহৰণ কাব্যৰ ঘাই চৰিত্ৰবোৰ ভীষ্মক, শশিপ্ৰভা, ৰুক্মি, ৰুক্মিণী, শিশুপাল, সুমালিনী, বেদনিধি, কৃষ্ণ ইত্যাদি। সদৌ কাব্যখনতে যে অসমীয়া জাতীয়তা বাৰুকৈয়ে ছিটিকি পৰিছে, ইয়াৰ সৰবৰহী পদবোৰৰ পৰাই তাৰ সুন্দৰ আভাস পাব পাৰি; চৰিত্ৰবোৰতো সেইদেখি সৰহ-তাকৰকৈ এই গুণ প্ৰতিফলিত হোৱা স্বাভাৱিক মাথোন। ভীষ্মকৰ চৰিত্ৰ—“অনুচিতে পিম্পৰাৰো নিচিন্তত মাৰ৷ যেন জলময় ৰাজা নাহি কোপ-তাপ। দণ্ড-বন্ধ নাহিকে প্ৰজাৰ যেন বাপ॥” (১৪)।

 মহাদৈ শশিপ্ৰভাও পতিৰ মনোময়ী সুভগা সুন্দৰী। ৰূপে গুণে অনিন্দিতা যেন বিদ্যাধৰী॥’’ আন দহ জনী মাকৰ দৰেই ৰুক্মিণী ডাঙৰ হৈ