পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৩
ৰুক্মিণীহৰণ কাৱ্য—শ্ৰীশঙ্কৰদেৱ


তিৰুতাসকলৰ উদুলি-মুদুলি আৰু উগুল-থুগুল ভাব যিদৰে প্ৰকাশ পাইছে, তাৰ সমুচিত প্ৰশংসা কৰিব পৰাও সহজ নহয়। সেইদৰে যেতিয়া “ৰুক্মিণী ৰমণী কুঞ্জৰ গমনী, লীলা গতি চলি যান্ত’’ তেতিয়া সেই ৰূপৰ যে কি অপৰূপ মহীয়সী শক্তি!—

“ৰূপ দেখি বৃক্ষো, মুঞ্জৰিল সৱে, বসন্তে নেৰয় কোল।
পুষ্পৰ সুৰভি, গন্ধ-লোভে আতি, ভ্ৰমৰে কৰয় ৰোল॥২৭১
সুগন্ধি শীতল, মলয়া পৱন, বহে সমস্তকে ঢাকি।
অল্প অল্প কৰি অমৃত সিঞ্চিলা, মেঘে আকাশত থাকি॥

এই ৰূপৰ মাদকতত মতলীয়া হৈ আনৰ কথাই নাই—

“কথমপি হৰি, আছে ধৈৰ্য্য ধৰি, থিৰ কৰিলন্ত চিত্ত।
হৰিবাক প্ৰতি, মাধৱৰ মতি কৰে অতি পিত-পিত॥৩৭৭’’

 কাব্য-কলাৰ এনে অপাৰ্থিৱ সৌন্দৰ্য্য অযাচিতে এই কাব্যৰ আৰু অনেক ঠাইত ছিটিকি পৰিছে। ৰুক্মিণীক হৰি নি কৃষ্ণই ৰথত তুলিছেগৈ, আৰু “এক পাশে ৰথত বসিলা বৰ বালা। মেৰুত উদিত যেন চন্দ্ৰমাৰ কলা।" কইন সজাওঁতেও—“ৰুক্মিণীৰ আগে কিছু নোহে অপেচৰা। চন্দ্ৰৰ আগত যেন নজ্বলয় তৰা॥ সূৰ্য্যৰ আগত যেন প্ৰকাশে প্ৰদীপ” ইত্যাদি। ইমানেই নহয়, যাদৱ সৈন্যৰ আক্ৰমণত থকা-সৰকা হোৱা ৰুক্ম বীৰৰ বৰ্ণনাও-- “প্ৰকাশে কুমৰ, বসন্ত কালৰ, পুষ্পিত যেন মন্দাৰ।” কৃষ্ণ পদাতিবোৰ উলটি আহোঁতে “হেন শুনি উলটিল কৃষ্ণৰ পদাতি। বহিবে লাগিল যেন সাগৰ উভতি॥’’ আদিও অতি প্ৰতিভা-ব্যঞ্জক। জাতীয়তাৰ ফালৰ পৰা কাব্যখনিৰ ভাব-ভাষা, চৰিত্ৰ আদি কিদৰে জাতিষ্কাৰ, আগতে উনুকিয়াই অহা হৈছে। ঘাইকৈ স্ত্ৰী-চৰিত্ৰবিলাক, তাৰ ভিতৰতো শশিপ্ৰভাৰ চৰিত্ৰ, আৰু ৰুক্মিণীৰ বিয়াৰ বৰ্ণনাত আমি সকলো প্ৰকাৰে এক সম্পূৰ্ণ অসমীয়া বায়ু-পানী সেৱি থকা যেন লাগে। শ্ৰীকৃষ্ণ অকলে অহাত দৈৱকীয়ে খেদ কৰি বলভদ্ৰক কোৱা কথা, “সকলে শত্ৰুৰ মেল মিত্ৰ কেহোঁ নাই। জানিলোঁ কন্যাৰ লোভে গৈল গোবিন্দাই॥” “গোবিন্দ সহিতে সৱে ঝাণ্টে হোৱাঁ ভেট। নসহ পৰাণ মোৰ পোৰে আতি পেট॥ বৰ-জনাকক দেখি ৰুক্মিণীয়ে “লৈলন্ত ওৰণী পাছে