পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩০
অসমীয়া সাহিত্যৰ অধ্যয়ন


 কিন্তু বৈষ্ণৱ কবিয়ে সেই একে মূলৰ একে আখ্যানকে ওখ আধ্যাত্মিক ভাবৰ ডাঠ বোলেৰে বোলাইছে; অকল তাৰ বাবে হলেও শ্ৰীশঙ্কৰদেৱৰ ৰুক্মিণীহৰণ নাট আৰু ঘাইকৈ ৰুক্মিণীহৰণ কাব্য মিলাই চাব-লগীয়া। “হৰিশ্চন্দ্ৰ উপাখ্যান” কাব্য শঙ্কৰদেৱৰ প্ৰথম কাব্য ৰচনা বুলি ধৰা হয়। ৰুক্মিণীহৰণ কাব্য'ও মহাপুৰুষ বৰদোৱা কি বেলগুৰিত থাকোঁতেই ৰচনা কৰা বুলি অনুমান কৰা হয়। এই অনুমানৰ ঘাই হেতু কাব্যৰ ৰচনাতে লুকাই আছে। কাব্যৰ আৰম্ভণৰ (পদ ৪|৫ ) ভাষা-বিলাসিতা নিশ্চয় লেখকৰ ডেকা বয়সৰহে উপযোগী। বিষয়-বস্তুতো বাক্-চাতুৰ্য্য আৰু বৰ্ণণা-বাহুল্য যিদৰে দেখা হয়, মহাপুৰুষৰ প্ৰৌঢ় বয়সৰ কোনো ৰচনাত তাৰ উপমা পাবলৈ নাই। শিশু- পাললৈ বিয়া দিয়াৰ প্ৰস্তাৱত ৰুক্মিণীয়ে কোৱা কথা (৮৯-৯১), কাব্যৰ মাজ- ভাগত কবিৰ আত্ম-পৰিচয় (৫২৭-৫৩০) আৰু সামৰণি (৭৯০-৭৯২) এই বিষয়ৰ নিশ্চিত প্ৰমাণ বুলিব পাৰি।

 হব পাৰে, কবিৰ প্ৰৌঢ় বয়সৰ গভীৰ ভাব আৰু ঘনীভূত ভাষাৰ ৰচনাতকৈ ডেকা বয়সৰ এই কাব্য সেইবাবেই আগৰ ডেকা-বুঢ়া প্ৰায় সদৌ অসমীয়াৰে মুখে মুখে; অধিক কি, ৰুক্মিণীহৰণ কাব্যৰ যিমানবোৰ পদ আজিও অসমীয়া ঘৰুৱা প্ৰবচনত পৰিণত হৈ ৰৈছে, আন কোনো কাব্যৰ সিমান নাই। উদাহৰণ স্বৰূপে তেনে বুৰি বুৰি উপমাৰ পৰা দুই চাৰিটা তুলি দিয়া হলঃ— “মাধৱৰ নামে সিটো জুইত নেদে খেৰ।” “মিছা বাদ নকৰস যেন নাকে- খুৰে॥” “মোৰেসে ভগিনী নেই কাৰ কিবা হানি। আনৰ জ্বৰত কোনে আনে পিয়ে পানী।” “যতেক কুকুৰে, কামোৰ মাৰয়, তথাপি আঠুৰ নাম।” “যাক নাটিলেক যুদ্ধে মহাৰাজা জাক। ধান শুঙ্গ লৈয়া তই খেদি যাহ তাক॥” “তোমাক বিৰোধ কৰি খাইলে দুই আখি। মৰিবাক লাগিয়া হাতীক যুজে মাখি॥” “হাৰিয়া জিনয় কতো জিনিয়া হাৰয়। সৰ্ব্বকালে সংসাৰত কাৰো নাহি জয়॥’’

 জন-সাধাৰণৰ মনৰ ওপৰত এনে যুগমীয়া প্ৰভাৱৰ উপৰিও সমসাময়িক কবিসকলৰ ওপৰতো এই কাব্যৰ প্ৰভাৱ সামান্য নাছিল। উপমাৰূপে কেইটি মানলৈ আঙুলিয়াব পাৰি—“অমৃতক বাঞ্ছে যেন চুকৰ ভেকুলি”—ৰুক্মিণীহৰণ; “চুকৰ ভেকুলি হুয়া গঙ্গা স্নানে যাস।”—অনন্ত ৰামায়ণ, অৰণ্য কাণ্ড। “মোৰ আগে শত্ৰুক দেখস বৰ গোট।”—ৰুক্মিণীহৰণ; “আমাৰ আগত দেখুৱাহা বৰ