পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৯
ৰুক্মিণীহৰণ—শ্ৰীশঙ্কৰদেৱ


মহাকাব্যত যিদৰে মহত্ত্ব (ছব্লিমিটী) আছে, সেইদৰে তাৰ চঞ্চলতাৰূপ নানান তৰঙ্গ-লীলাও আছে। মুঠতে তপোবন আৰু উপবনেই যথাক্ৰমে দুইৰো অৰ্থব্যঞ্জক তুলনা৷

 অসমীয়া বৈষ্ণৱ সাহিত্যই এক তপোবন, কিন্তু তাৰ ভিতৰতে শঙ্কৰদেৱৰ সাহিত্যৰ বৈশিষ্ট্য ধৰ্ম্ম-জগত তেওঁৰ স্থানৰ দৰে গ্ৰহ-সমুহৰ আত্মা, সূৰ্য্য। তেওঁৰ লেখনীৰ ছত্ৰে ছত্ৰে এই ক্লাছিকেল সৌন্দৰ্য্য এইদৰে ‘অশেষ বিশেষ’; তেওঁৰ সাহিত্যৰ ৰাজ্যত সদায় “ছয় ঋতু এক কালে। বসন্ত উদয়।” এই সাহিত্য শ্ৰদ্ধাৰে পঢ়িলে আমুওৱা দুৰৰ কথা, তাৰ ৰস-সাগৰত প্ৰাণ একেবাৰে মজি যায়, আত্মা বিমুগ্ধ হয়। এনে সাধনা, এনে অপাৰ্থিৱ সৌন্দৰ্য্য-সৃষ্টি আৰু অন্তৰ্দৃষ্টি নিশ্চয় অৱতাৰ-ৰূপী আদৰ্শ আৰু অতি-মানৱৰহে উপযোগী।

চেতনা, ১৯২২-২৩; বাঁহী, একবিংশ বছৰ, প্ৰথম সংখ্যা; বহাগ, ১৮৫৩।

⸻⸻


“ৰুক্মিণীহৰণ’—শ্ৰীশঙ্কৰদেৱ

ৰুক্মিণী-হৰণৰ বিষয়বস্তু মহাভাৰত, হৰিবংশ আৰু বিশেষভাৱে পুৰাণ- সূৰ্য্য শ্ৰীমদ্ভাগৱৎ প্ৰসিদ্ধ। অসমৰ লগত এই বিষয় সম্বন্ধ নানানভাৱে পুৰণি কালৰে পৰা আছে। প্ৰতিদ্বন্দ্বী মত নোহোৱা নহলেও, ভীষ্মক ৰজা অসমৰ আৰু তেওঁৰ প্ৰথিত বিদৰ্ভ ৰাজ্য আৰু ৰাজধানী কুণ্ডিন্ অসমৰ পূব অঞ্চল আৰু সদিয়া বুলি অসমীয়াৰ ধ্ৰুৱ বিশ্বাস। তদুপৰি পুৰণি অসমীয়া সাহিত্যতো ইয়াৰ যোগ-সূত্ৰ শকত। ই দশম স্কন্ধ ভাগৱতৰ কথা; আগ-দশম শঙ্কৰদেৱে নিজে ভাঙি, শেষ দশম তেওঁৰ “উচ্চিষ্ট ভোজন” ৰূপে বৈষ্ণৱ কবি অনন্ত কন্দলীক পদ কৰিবলৈ এৰি দিয়া কথা বুৰঞ্জীমূলক। ঠিক এই বিষয়েই শ্ৰীশঙ্কৰদেৱে এখন সুকীয়া কাব্য আৰু এখন অঙ্কীয়া নাট লিখি ইয়াক প্ৰচাৰিত কৰে। অকল ইমানেই নহয়, শ্ৰীশঙ্কৰদেৱৰ পূৰ্ব্বেও ইয়াৰ অসমীয়া পদ কৰা হৈছিল৷