পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কীৰ্ত্তন—শ্ৰীশঙ্কৰদেৱ


অলঙ্কাৰ বা বুকু আৰু কঁকালৰ কাচুটি খহি পৰিছে, কাৰো ডিঙিৰ মৰমৰ সাতসৰি ছিগি গৈছে, কাৰোবা লাহতী খোপাই সুলকিছে; কিন্তু সেই অলঙ্কাৰ বা কাচুটি তুলি লবলৈ, সাতসৰিধাৰ গাঁথিবলৈ বা খোপা বান্ধিবলৈ আহৰি ক’ত? কেশৱৰ এই ধেমালি দেখি দেৱ-নাৰীসকলো বিমোহিত হৈ ঢলি ঢলি পৰিছে। সৰহ কি, “ক্ৰীড়া দেখি চন্দ্ৰো কামে বিমোহিত আতি। স্তম্ভা ইলন্ত ৰথ নুপুহায় সিটো ৰাতি।”

 মিলন-মুগ্ধা এই গোপীসকলৰ আৰু শ্ৰীকৃষ্ণৰ এই অপাৰ্থিৱ স্বপ্ন-ৰাজ্যৰ পৰা এতিয়া আমি বাস্তৱ জগতৰ সীমালৈ আহোঁ। এই আদি-ৰসাত্মক কাহিনী “কীৰ্ত্তন’’ৰ অন্তৰ্ভুক্ত হোৱাত কোনোৱে কেতিয়াবা আক্ষেপ কৰাও শুনিবলৈ পোৱা হয়; তথাপি ই মূল শ্ৰীমদ্ভাগৱতৰ এটি অতি অনুপম ৰহস্যপূৰ্ণ তত্ত্ব যে সন্দেহ নাই। শ্ৰীকৃষ্ণৰ লগত এই ব্ৰজ-গোপীৰহস্য মহাভাৰতত নাই; বিষ্ণুপুৰাণত বিশেষ সংযতভাৱে দিয়া হৈছে; হৰিবংশত তাত পোনতে বিলাসিতা সোমাইছে আৰু তাকে ভাগৱতত আদিৰস পৰ্য্যন্ত বহলাই নিয়া হৈছে। বঙ্কিমচন্দ্ৰৰ মত এয়ে। বিষ্ণুপুৰাণত গোপীসকলৰ সম্পৰ্ক থকা ৪৬টা শ্লোকত পৱিত্ৰ ৰাস-বৰ্ণনা আছে। মহাপুৰুষ শঙ্কৰদেৱৰ “কীৰ্ত্তনৰ’’ অন্তৰ্ভুক্ত ৰাস-ক্ৰীড়াৰ বিষয়-বস্তু প্ৰকৃতপক্ষে বিষ্ণুপুৰাণৰ ৰাস-বৰ্ণনাৰ পৰা সুকীয়া কথা নহয়, আৰু প্ৰায় বিষয়তে ইয়াক বিষ্ণুপুৰাণৰ ব্যাখ্যা অনুবাদ বুলিব পাৰি। কিন্তু দুইটা পাঠ মিলাই চালে বোধ হব যে “কীৰ্ত্তনৰ ৰাসক্ৰীড়া, মম্ভাগৱতৰো আদিৰস ছটিওৱা নিৰহ-নিপানী ভাঙনি। “ৰাসক্ৰীড়াত থকা “কামাতুৰা”, “অনঙ্গ কেলি” আদি এশ এটা শব্দৰ সঙ্কেত বিষ্ণুপুৰাণত বিচাৰি উলিওৱা টান। বিষ্ণু-পুৰাণত উমলি-ফুৰা গৰখীয়া লৰাবোৰৰ বিষয়ত “ৰেমে,” “ৰময়ন্তি,” “ৰতি-প্ৰিয়” আদি শব্দ ব্যৱহৃত হৈছে; কিন্তু এই শব্দকেইটাই যি লিঙ্গ- সম্পৰ্ক-বৰ্জ্জিত নিৰ্দোষ ধেমালিৰ ভাব প্ৰকাশ কৰিছে তাক মূলৰ পৰাই বুজি। তথাপি শ্ৰীমদ্ভাগৱত যে পৰম পবিত্ৰ ধৰ্মগ্ৰন্থ আৰু তাৰ ৰাস-বৰ্ণনা আদি যে পৰম আধ্যাত্মিক তত্ত্বমূলক কথা, তাত সন্দেহ জন্মাই অস্বাভাৱিক।

 “কীৰ্ত্তন”ৰ আদিৰস-মিহলি আন এটি কাহিনী হৈছে “হৰমোহন”। ইয়াৰ দিব্য-উপবনখনি সচাকৈয়ে অসমীয়া সাহিত্যৰ এটি অতি বিতোপন চিত্ৰ। এই উপবনত তৰহে তৰহে কিমান বিধৰ ফুল ভাল দোঁ-খুৱাই লাগি আছে “তাৰো সীমা সংখ্যা নাই।” এইবোৰৰ উপৰি “মহা মনোহৰ, দীঘি সৰোবৰ,