পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৮
অসমীয়া সাহিত্যৰ অধ্যয়ন


তাৰ মাজে মাজে আছে!” আকৌ এই সৰোবোৰবোৰৰ সৌন্দৰ্য্যৰ অৱধি নাই; ‘সুৱৰ্ণ কমল, ভেট উতপল, ফুলি ফুলি আছে ৰঞ্জি।” অৱশ্যে তাত বিবিধ চৰাই ভ্ৰমন্ত নিৰ্ভয় ভাৱ। অমৃত সমান, জল কৰি পান, ত্যজে সুললিত ৰাৱ॥” মধু-পানৰ অভিলাষত ভোমোৰাই তাত চাৰিওফালে গুঞ্জৰিব লাগিছে; তদুপৰি “যত দিব্য পক্ষী, ফল ফুল ভক্ষি, কাঢ়য় সুস্বৰ ৰাৱ। কুহু কুহু ধ্বনি, কোকিলৰ শুনি, বহয় মলয়া বাৱ।”

 এনে মহা দিব্য বনত সিদিনা মহাযোগী ত্ৰিনয়নে এটী দিব্য কন্যা দেখিবলৈ পালে। কি অপূৰ্ব্ব সেই ৰূপৰ মহিমা! “কোটি লক্ষ্মী সম নোহে, কটাক্ষে ত্ৰৈলোক্য মোহে, ভণ্টা খেৰি খেলে দুয়ো হাতে।’’ মদন-ভগ্নকাৰী মহেশৰো এই সৌন্দৰ্য্যৰ সঙ্কেত বুজিবলৈ বাকী নাথাকিল।—

“তপ্ত সুৱৰ্ণৰ সম জ্বলে দেহ নিৰুপম,
 ললিত বলিত হাত পাৱ।
চক্ষু কমলৰ পাসি, মুখে মনোহৰ হাসি,
 সঘনে দৰশৈ কাম ভাৱ॥’’

 তাৰ পাছত তেওঁৰ শৰীৰৰ বিলাস-ভঙ্গিমা! মাজে মাজে মহেশৰ প্ৰতি কটাক্ষৰ মৌ-সনা অগ্নিবাণ মাৰি ইফালে সিফালে পাক দি তেওঁ ভঁটা খেলিছে; ইফালে “সোলকে উচ্ছল খোপা, খসে পাৰিজাত থোপা, বাম হাতে সস্বৰন্ত তাক।’’ ম’ৰাচালি ধৰি খোজ দিওঁতে ডিঙিৰ সতসৰিধাৰি মনোহৰ গতিত নাচি গৈছে, বতাহত কেতিয়াবা বুকুৰ একাঁচল কাপোৰ উৰি গৈছে; আৰু “হালে অতি মধ্য দেশ, সংসাৰ মোহিনী বেশ, একো অঙ্গে নাহি খতি-খুন।” এনে লীলা-ভঙ্গী দেখি জানো যোগীশ্বৰো থিৰে থাকিব পাৰে? তেতিয়াই তেওঁৰ—

“সৱ যোগ ধ্যান গৈল,  কন্যাক মাতিবে লৈল,
 প্ৰাণেশ্বৰী চাপ মোৰ পাশ।
আষাৰেক মাত মোক, জন্মৰ সফল হোক,
 দেখি থাকোঁ তোৰ লয়লাস॥”

এতিয়া, ধৰ্ম্মৰ দোহাই এৰি দিলে, ধৰ্ম্ম-সাহিত্যৰ নামত আদি-ৰসৰ এনে