বিজু বনে ফুৰা কেন কৰি। শিলা খোলা লাগি পীড়া কৰিবেক ভৰি॥ ইহাকেসে
সুমৰন্তে প্ৰভু প্ৰাণ যায়। তুমিসে আমাৰ জীৱ প্ৰাণ সমুদায়।" বোলোঁতে
বোলোঁতে প্ৰেম-ভাবত তন্ময় হৈ মাটিত পৰি 'কৃষ্ণ’ “কৃষ্ণ” বুলি দীঘলকৈ
চিঞৰিবলৈ ধৰিলে; চকুৰ পানীয়ে পৃথিবীৰ বুকুও কোমলাই পেলালে।
গোপীৰ এনে আচৰিত প্ৰেম-ভাব দেখি কৃষ্ণৰ চিত বিয়াকুল হল। তেওঁ জানো আৰু থিৰে থাকিব পাৰে? “আনন্দ বঢ়ায়া গোপীগণৰ মনত। পৰম মধুৰ মূৰ্ত্তি ভৈলন্ত বেকত॥” আৰু সেই মূৰ্ত্তি- ‘হাসোঁ হাসোঁ কৰে আতি বদন কমল। শ্যাম তনু পীত বস্ত্ৰে দেখিতে উজ্জ্বল।” বিৰহৰ পাছত মিলন অতি সুমধুৰ; ঘোপমৰা আঁউসীৰ শেষত জোনাইৰ মুখখনি অতি চিকুণ! হেৰোৱা নিধি আকৌ হাতত পাই গোপীসকলৰ জড় তনুও যেন পুনৰ প্ৰাণ- উদ্দীপিত হল; জহৰ ছাটি-ফুটিৰ পাছত এটি শীতল বতাহে যেনেকৈ শৰীৰ শাঁত কৰে, ৰদত ফাটি-ছিটি যোৱা পৃথিৱীৰ বুকু এছাটি বৰষুণে যেনেকৈ জুৰ পেলায়, সেইদৰে কৃষ্ণৰ অমৃত-বৰষা বাণীত গোপীসকলৰ সৰ্ব্বাঙ্গ জুৰ পৰিল। বিৰহৰ আৰু কোনো চিন নৰল; নহয়, সেই বিৰহে নতুন প্ৰেম যে অকল অধিক সুমধুৰহে কৰিলে এনে নহয়, তাক অধিক সুমঙ্গল আৰু যুগমীয়া কৰিলে। “হেৰা পাইলোঁ পাইলোঁ ৰে, প্ৰাণ-ধন মুকুন্দ মুৰাৰি। দিলা দেখা দামোদৰ জীৱন হামাৰি॥” বুলি আনন্দত গোপী উত্ৰাৱল হল, আৰু বনমালী কৃষ্ণক বেৰি লৈ তেওঁলোকে সেই পৰম পৱিত্ৰ ৰাস-ক্ৰীড়াৰ নৃত্য-গীত আৰম্ভ কৰিলে।
এই ৰাস-ক্ৰীড়াৰ বৰ্ণনা অতি মনোৰম। শ্ৰীকৃষ্ণক মাজত লৈ মণ্ডলাকাৰ হৈ গোপীসকলে নৃত্য-গীত জুৰিলে। এই অপূৰ্ব্ব দৃশ্য চাবৰ বাবে আকাশ ঢাকি অমৰসকল আহিবলৈ ধৰিলে। ঘনাই দুন্দুভিৰ নিনাদ আৰু পুষ্প-বৰিষণ হল। কি অভাৱনীয় সেই দৃশ্য! “প্ৰকাশ কৰন্ত কৃষ্ণ গোপীৰ মধ্যত। সুৱৰ্ণ মণিৰ মাজে যেন মৰকত।” ‘ঝলমল কুণ্ডল গলত আসি পড়ে। হালে কৃশ কঙ্কাল স্তনৰ বস্ত্ৰ লৰে॥ শিথিল মেখলা খোপা মুখে ঘৰ্ম্ম জল। গাৱে কৃষ্ণ-গুণ গীত গোপিকা সকল॥” কেনে আচৰিত সেই শোভা!–“দুহোঁ গোপী মাজে এক ভৈলন্ত মাধৱ। প্ৰৱৰ্ত্তিল তথা ৰাস-ক্ৰীড়া মহোৎসৱ।” “কৃষ্ণৰ অসংখ্য মুৰ্ত্তি জ্বলে মেঘনয়। প্ৰকাশে বিজুলী যেন তাতে গোপীচয়॥ ঘৰ্ম্মজলে কণিকা গৰ্জ্জনে ভৈল গীত।” কি অপৰূপ এই ক্ৰীড়া! কাৰো গাৰ বহুমূলীয়া