পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৪
অসমীয়া সাহিত্যৰ অধ্যয়ন


মূৰত স্বৰগ ভাগি পৰিল, মুখৰ মাত হৰিল। যাৰ চৰণত তেওঁলোকে এইদৰে সকলো সঁপি দিবলৈ আহিছে, তেওঁৰ মুখত এনে নিদাৰুণ বাণী শুনি তেওঁলোক একেবাৰে জীৱন্তে মৰিল। নাথ, তুমি এনে নিকৰুণ কথা ক’লা কি সতে? আমাৰ মন-চিত আৰু আমাত নাই, সকলো তোমাৰ প্ৰেমময় সঙ্গীতে হৰণ কৰিছে; তেনেহলে আমাৰ ঘৰলৈ যোৱাৰ লাভ কি? মৌ-বৰষা তোমাৰ গীত শুনি, আছোক মানুহ, বনৰ বনচৰো ভোল যায়, গছ-গছনিও প্ৰেম-পুলকিত হয়; সামান্য গোপীৰ কথা তেন্তে কব লাগিছেনে? তুমি যাক কুল-স্ত্ৰীৰ ধৰ্ম্ম বুলিছা, সেই ধৰ্ম্ম অকল তোমাতেইহে সম্পূৰ্ণ সিজিব পাৰে। এতেকে, “ভজিয়ো আমাক মিলোক ভাগ। নকৰাঁ নাথ ভকতক ত্যাগ॥ জগতৰে বন্ধু আতমা তুমি। সমস্ত ধৰ্ম্মৰ আপুনি ভূমি॥ তুমি আত্মা হেন জানি সম্প্ৰতি। তোমাতেসে কৰে ভকতে ৰতি॥” এই বুলি ভক্তই হৃদয়ৰ গভীৰ নিশ্বাস ত্যাগ কৰিছে, হৃদয়ৰ দুৱাৰ মেলি আৰাধ্য দেৱত আত্ম-সমৰ্পণ কৰিছে।

 পুহ-মাঘৰ ঠেটুৱাইৰ পাছত বসন্ত বহুত দূৰত থাকিব পাৰেনে? গোপীৰ হৃদয়ৰ উচ্ছাস-ভৰা এই আকুল বাণীত কৃষ্ণ সদয় হল, তেওঁ ভক্তক ধৰা দিলে। দেই-পুৰি নিয়া দিনৰ অন্তত জোনৰ চিকুণ মুখ দেখা ভেঁট পাহিৰ দৰে গোপীসকলৰ মুখ প্ৰফুল্লিত হল, পাৰিষদ তৰাসকলে বেৰি ধৰা জোনৰ দৰে তেতিয়া কৃষ্ণৰ ‘গলত অম্লান পঙ্কজ মালা। বেড়িয়া গুণ গায়ে গোপবালা।” বাঞ্ছিত ৰতন এইদৰে হাতত পাই, যমুনাৰ ৰূপালী বালিত নামি তেওঁলোক সম্ভোগত মুগ্ধ হল! কিন্তু ভোগত প্ৰেম চিৰকলীয়া নহয়। তৃপ্তিত মজি গোপীৰ অন্তৰত “অহম্মম” জাগি উঠিল। প্ৰেম-অমৃত-মথনৰ এই কুফল এৰুৱাবলৈ বুলিয়ে দৰ্পহাৰী ভগৱন্ত থিতাতে অন্তৰ্দ্ধান হল। গোপীসকল আকৌ স্বৰগ-পৰা লোকৰ দৰে হল; চকুৱে ধুঁৱলি-কুঁৱলী দেখিবলৈ ধৰিলে। এইখিনিতে গোপীৰ আদি-ৰসাত্মক মহা বিৰহৰ সুত্ৰপাত হয়। মহাপুৰুষ শঙ্কৰদেৱে এই বিৰহ কাহিনীকে “কীৰ্ত্তনৰ’’ ৰাসক্ৰীড়ত ক্ৰমে পাঁচ অধ্যায়ত বৰ্ণাইছে।

 এই বৰ্ণনা পঢ়ি আমি স্বভাৱতে পাহৰি যাওঁ যে এজন বৈষ্ণৱ গুৰুৱে নিজ ধৰ্ম্ম প্ৰচাৰৰ অৰ্থে সংস্কৃত গ্ৰন্থৰ পৰা সাৰ কাঢ়ি আনি দেশীয় ভাষাত এই সাহিত্য ৰচিছে। আন কথাৰে, সমগ্ৰ অসমীয়া বৈষ্ণৱ সাহিত্যৰ দৰে, তাৰ ভিতৰুৱা