পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৫
কীৰ্ত্তন—শ্ৰীশঙ্কৰদেৱ


এই “কীৰ্ত্তনৰ" কৃষ্ণলীলা-বৰ্ণনাও ঘাইকৈ উদ্দেশ্যমূলক, শিক্ষামুলক। আৰু এই প্ৰতিটি কথাই ললিত-কলা ৰূপে কাব্যৰ বিঘিনি। সেই বুলি জানো কাব্য স্বৰূপে ইয়াত ক'তো এধানমান সৌন্দৰ্য্যৰ কিবা খতি-খুন হৈছে? সুকমাৰ কলা ৰূপে এইবোৰ যেন বাঁওহাতেহে লিথা; তথাপি মহাপুৰুষৰ দিব্য প্ৰতিভাই জানো এইবোৰক এক অপাৰ্থিৱ মৌলিক জ্যোতিত পুণ্য-স্নান কৰোৱা নাই? প্ৰতিভাৰ এয়ে অগ্নিপৰীক্ষা; নানা ফুলৰ মৌ-আহৰণকাৰী মৌ-মাখিৰ দৰে এইসকল কবিয়ে সদৌ সংস্কৃত সাহিত্যৰ পৰা সাৰ কাঢ়ি আনি যি ৰহঘৰা পাতিলে, ই তেওঁলোকৰ মৌলিক প্ৰতিভাৰে পৰিচয় নিশ্চয়।

 বিৰহ-আকুল গোপীসকল মুহুৰ্ত্তৰ পাছতে বাউলীৰ দৰে হল। কৃষ্ণক নাপাই তেওঁলোকে নিজেই “কৃষ্ণৰ সদয় কটাক্ষ হাসে। আলাপ গতি বিলাসে।” “কৃষ্ণৰ ঠানে কৰে লীলা-গতি। সদয় হাস্যে চাৱে কাকো প্ৰতি॥’’ তাৰ পাছত কালিদাসৰ কামাৰ্ত্ত বিৰহী যক্ষৰ দৰে চেতনাচেতন জ্ঞান হেৰুৱাই, বৃন্দাবনৰ গছতা আদিৰো জড়তা অস্বীকাৰ কৰি, তেওঁলোকে সেইবোৰক সম্বোধন কৰিছে—“উচ্চ বৃক্ষ দেখি সোধে সাদৰি। শুনিয়ো অশ্বত্থ বট পাকড়ি। যাহান্তে দেখিলা নন্দ-কুমাৰ। নেন্ত চুৰি কৰি প্ৰাণ আমাৰ॥” “ওৰা তুলসী সমিধান দিয়া। তুমি গোবিন্দৰ চৰণ-প্ৰিয়া॥ যাহান্তে দেখিলা নন্দকুমাৰ। প্ৰাণতো অধিক প্ৰিয় আমাৰ॥” “কিবা তপ ওৰা কৰিলা তুমি। কৃষ্ণৰ চৰণ পৰশি তুমি॥ মিলি আছে অতি আনন্দৰ ভাৱ। দেখো ৰোমাঞ্চিত তোমাৰ পাযৱ॥” “মৃগ-পত্নী সখী দেখিলা হৰি। তোমাৰ নেত্ৰৰ আনন্দকাৰী॥” এই দৰেই “কৃষ্ণ-গুণ গান্তে প্ৰেম উপজে।’’ পাগলীৰ দৰে অনেক কৃষ্ণ-চেষ্টা কৰি তেওঁলোক শেষত নিৰাশ হৈ যমুনাৰ বালিত নামিল আৰু বিৰহ-বিহ্বল ৰূপে কৃষ্ণৰ প্ৰেম-আৰাধনা কৰিবলৈ ধৰিলে—“শৰত কালৰ, বিকশ পদ্মৰ, উদয়ক শ্ৰীক নিন্দে। হেনয় নেত্ৰৰ, কটাক্ষে আমাক, মাৰিছা তুমি গোবিন্দে॥” এই দৰে কৃষ্ণৰ গুণ কীৰ্ত্তন কৰোঁতে কৰোঁতেই তেওঁলোকৰ এই মই-মোৰ ভাব আঁতৰিবলৈ ধৰিলে, আৰু সেই মহত্ত্বৰ ভাব উদয় হল—“জগত ৰাখিবে, লাগি যদুকুলে, আপুনি ভৈলা উদিত। শুনা মহাভাগ, ভকতৰ ত্যাগ, কৰিবে নুহি উচিত॥’’ যি চৰণ-স্মৰণে “বিনাশে সমস্তে শোক সুৰুচি বঢ়াৱে। সাৰ্ব্বভৌম সুখৰো ইচ্ছাক পাসৰাৱে॥’’ তাৰ বন্দনা কৰিবলৈ ধৰিলে। “সিটো পাৱে