পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

“কীৰ্ত্তন”–শ্ৰীশঙ্কৰদেৱ

সিদিনা শৰতৰ বিতোপন চত্ৰাৱলী ৰাতি। বিমল ৰূপালী কিৰণ ঢালি জোনায়ে পূবত দেখা দিছে। দৃশ্য বৃন্দাবন; কাষেদি যমুনা বৈ গৈছে। বন-বনান্ত আৰু যমুনাৰ বালি অপূৰ্ব ৰশ্মিৰে ৰঞ্জিত হৈ উঠিছে। এই অপূৰ্ব্ব শোভাত বিশ্ব-খনিকৰৰ চিত বিনোদিত হল; মুখত বাঁহীটি লৈ তেওঁ সেই বিনন্দীয়া দৃশ্যৰ ফালে চাই তাত আঙুলি বুলাবলৈ ধৰিলে। চকুৰ পচাৰতে অসংখ্য দিব্যাঙ্গনা সেই সঙ্গীতত মুগ্ধ হৈ নামি আহিল। অ' নহয়—তেওঁলোক ব্ৰজবাসিনী, গোকুলৰ গোপিকা; কৃষ্ণৰ মোহন মুৰলী শুনি তেওঁলোকৰ সংজ্ঞা হৰিল, হৃদয়-তন্ত্ৰী তন্ময় ভাবত স্পন্দিত হল। হাতৰ দহ বন কাতি কৰি, কোলাৰ কেচুৱা পেলাই থৈ ব্ৰজৰ জীয়ৰী-বোৱাৰী ঘৰৰ বাহিৰ হৈ ঢাপলি মেলিলে। কি অতুলন সেই সঙ্গীতৰ প্ৰভাৱ! কেচুৱাই ঘৰ খলক্ লগাইছে, আখাৰ পৰা গাখীৰ উতলি পৰিছে, তালৈ উলটি চাবলৈ আহৰি কত? কৰিব কি? বাৰিষাৰ জান-জুৰি যেতিয়া নৈৰ ফালে, আৰু নৈ যেতিয়া সাগৰৰ ফালে আকুল বেগেৰে ধাবিত হয়, তাক ওভতাব পাৰে এনে সাধ্য কাৰ?

 ‘কোৱা, মোৰ প্ৰিয় লগৰীসকল, ইমান ভয়-শঙ্কা বিপদ-বিঘিনি লঙ্ঘি এই গহীন নিশা তোমালোক ইয়ালৈ আহিলা বা কিয়? কোৱা, ব্ৰজত কি অমঙ্গল মিলিছে? তোমালোকক ঘৰত নেদেখি চাগৈ পিতৃ-মাতৃ সকলোৱে কি ভাবিছে? সন্তান-শুশ্ৰষা, স্বামী-সেৱা আদিয়েই কুল-স্ত্ৰীৰ ধৰ্ম্ম। সেইবোৰ নেওচা দিয়া ভাল কাম নহব। ভাল হল, “শশাঙ্কে ধৱল নৱ পল্লৱ শোভন” এই বৃন্দাবনৰ মন-লোভা শোভা চালাঁহি, এতিয়া ঘৰলৈ উভতি যোৱাঁ৷ যদি সচাকৈয়ে মোক দেখা দিবৰ অভিপ্ৰায়েই এইখিনি পালাঁহি, সেই উদ্দেশ্যও সিজিল; এতিয়া ৰঙমনে উলটি যোৱা। “বিদূৰতে থাকি কৰে শ্ৰৱণ কীৰ্ত্তন। বাঢ়ে মোত ভকতি নিৰ্ম্মল হোৱে মন॥ দেখন্তে শুনন্তে সদা হেলা হোৱে মতি জানিয়া গৃহতে থাকি কৰিবা ভকতি॥”

 হৃদয়ৰ আৰাধ্য দেৱতাৰ মুখত এনে অবাঞ্ছিত অপ্ৰিয় বাণী শুনি গোপীসকলৰ