শাস্ত্ৰীয়ে ছপা কৰি উলিয়ালে। তাৰ পৰা দেখিবলৈ পোৱা হল কবিৰ নাম
কবীন্দ্ৰ পাত্ৰ, পদৰ “কবীন্দ্ৰ পৰম যত্নে” পাঠ লিপিকাৰ আৰু গৱেষকৰ
“পাল্লা’’ত পৰি “কবীন্দ্ৰ পৰমেশ্বৰ হল। স্বৰূপতে তেনে নাম স্বাভাৱিকো
নহয়।
কোচবেহাৰ ৰাজ্যৰ থাপনা-পাতোঁতা বিশ্বসিংহৰ ৰাজ-সভাত সাৰ্বভৌম নামে এজন মৈথিলী পণ্ডিত আছিল। তেওঁৰ নিৰ্দেশ মতেই নৰহৰি বোলা এজন মৈথিল কায়স্থ বিশ্বসিংহৰ মন্ত্ৰী হয়হি। নৰহৰিৰ পুতেক পয়োনিধি দীৰ্ঘজীৱী নাছিল। তেওঁৰ পুতেক বাণীনাথৰ বিদ্যাৰ উপাধি কবীন্দ্ৰ; ১৫৮০ খৃঃ লৈকে তেওঁ নৰনাৰায়ণৰো মন্ত্ৰী আছিল, এই মন্ত্ৰীত্বৰ উপাধি 'পাত্ৰ’। মল্লদেৱ (নৰনাৰায়ণ) আৰু শুক্লধ্বজ ( চিলাৰায়) বিদ্যাপীঠ কাশীধামত থাকোঁতে বাণীনাথ তেওঁলোকৰ সহচৰ আছিল (বঙলা “কায়স্থ পত্ৰিকা’’, ১৩৩২ সাল )। দৰং-ৰাজবংশাৱলীতো এওঁৰ উল্লেখ আছে—
“সেহি বেলা যুৱৰাজ শুক্লধ্বজ ৰাই।
হেন বাক্য বুলিলন্ত নৃপতিৰ ঠাই॥
হেৰম্ব নামেৰে ৰাজা আছে হেৰ্মেস্বৰে।
তাক লাগি মোক দাদা পাঞ্চিয়ো সত্বৰে॥
ৰাজা বোলে যাৱো বাপু বিলম্ব নকৰি৷
কবীন্দ্ৰ পাত্ৰক নিয়োক লগে কৰি॥’’
দুৰ্ভাগ্যক্ৰমে সম্পাদক শাস্ত্ৰী অসমীয়া ভাষাৰ সপক্ষ নাছিল, অথচ তেওঁ এই পুথিৰ ভাষা বঙলাও বুলিব নোৱাৰিছিল। গোৱালপাৰা, কোচবিহাৰ, ৰংপুৰ, জলপাইগুৰি, বগুৰা অঞ্চলক তেওঁ ৰাজবংশী ভাষা বুলিছে; কিন্তু হাতে-লিখা পুথিৰ অসমীয়া আখৰ, শব্দাৱলী আৰু ব্যাকৰণৰো ঠায়ে ঠায়ে বঙলা গঢ় দি তেওঁ কিতাপখনৰ বঙলাতে সম্পাদন কৰিছে!
কবীন্দ্ৰ মহাভাৰত “পৰাগলী মহাভাৰত” বা “চট্টগ্ৰামেৰ প্ৰাচীন ভাষায় লিখিত” বুলিবৰ হেতু পুথিৰ পদতে আছে—
“নৃপতি হুসেন সহ গৌড়েৰ ঈশ্বৰ।
তান হক সেনাপতি হওক লস্কৰ॥