পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৩
দিনেকীয়া পদ-মহাভাৰত—কবীন্দ্ৰ পাত্ৰ


'ন যা থাক থাক’ ‘ডাক ডাক ডাক’, উথলিল দুই বোল।
সুমন্ত্ৰ মন্ত্ৰীৰ মন দোধা ভৈল, কৰয় চিত্ত আন্দোল ॥”

সেই একেদৰেই বিভৎস আৰু হাস্য ৰসৰ অৱতাৰণাতো কবি কেনে পাকৈত আছিল সুন্দৰা কাণ্ডৰ ৮ম-৯ম অধ্যায়ত ৰাক্ষসৰ আৰু চতুৰ্দশ অধ্যায়ত ৰাক্ষসিনীবোৰৰ বৰ্ণনাত প্ৰকাশ পাইছে।

সৱাৰো উপৰি, মাধৱ কন্দলীৰ চৰিত্ৰ-অঙ্কন অতি প্ৰশংসনীয়। অসমীয়া কবিৰ ৰামচন্দ্ৰ বাল্মীকিৰ ৰামচন্দ্ৰৰ দৰেই এজন আদৰ্শ পুৰুষ, মহামানৱ! অসমীয়া কবিৰ সীতাও, বাল্মীকিৰ সীতাৰ যেই, আদৰ্শ শক্তিৰূপা;— কৃত্তিবাসৰ সীতাৰ নিচিনা ভীতা, অবলা নহয়। সীতাহৰণৰ সময়ত যি ৰাৱণক দেখি—“তমুপ্ৰং পাপকৰ্মণং জনস্থানগতা ক্ৰমাঃ। সংদৃশ্য ন কম্পতে ন প্ৰবাতি স মাৰুতঃ। শীঘ্ৰস্ৰোতাশ্চ তং দৃষ্ট্বা বীক্ষন্তং ৰক্তলোচনম্। স্তিমিতং গন্তুমাৰেভে তয়াদ্ গোদাবৰী নদী॥’’ সেই ৰাৱণে অকলে পাই হৰিব খোজাত অসমীয়া কবিৰ সীতা উত্তৰত কি নিভীকা! মুঠতে, কৃত্তিবাসৰ ৰাম-সীতা বঙালীৰ; আৰু মাধৱ কন্দলীৰ ৰাম-সীতা, বাল্মীকৰ ৰাম-সীতাৰ দৰেই, অসমীয়াৰ, তথা ভাৰতীয়ৰ, আদৰ্শ নৰ-নাৰী, তথা দেৱ-দেৱী।

⸻⸻


দিনেকীয়া পদ-মহাভাৰত—কবীন্দ্ৰ পাত্ৰ

“বাঙ্গলাৰ ইতিহাস” লেখক ৰাখালদাস বন্দোপাধ্যায়ে তেওঁৰ পুথিৰ ২৬২ পিঠিত আৰু “বঙ্গভাষা ও সাহিত্য” লেখক দীনেশচন্দ্ৰ সেনে তেওঁৰ গ্ৰন্থৰ ১৫৮ পিঠিত “পৰাগল খাঁৰ আদেশে’’ এজন “কবীন্দ্ৰ পৰমেশ্বৰ’’ নামৰ কবিয়ে “বাঙ্গালা ভাষায়’’ মহাভাৰতৰ ভাঙনি কৰিছিল বুলি উল্লেখ কৰিছে; আৰু তাৰ ভাষা “প্ৰাচীন” আৰু “জটিল” পাই তাক পৰাগল খাঁৰ দেশ চট্টগ্ৰামৰ স্থানীয় ভাষা বুলিছিল।

 ঠিক এই একে পুথিৰে আৰু তিনিটি নকল অসমৰ গৌৰীপুৰ ৰাজ-পুথি- ভঁৰালত পাই এই কুৰি শতিকাৰ কুৰিবোৰৰ শেষ ভাগত পণ্ডিত গৌৰীনাথ