সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৫
দিনেকীয়া পদ-মহাভাৰত—কবীন্দ্ৰ পাত্ৰ

লস্কৰ পৰাগল খান মহামতি।
সুৱৰ্ণ বসন পাইল অশ্ব বায়ুগতি॥
লস্কৰী বিষয় পাই আইবন্ত চলিয়া।
চাটিগ্ৰামে চলি গেল হৰষিত হইয়া॥
পুত্ৰে-পৌত্ৰে কাজ কৰে খান মহামতি।
পুৰাণ শুনন্ত নিতি হৰষিত মতি॥’’

আলাউদ্দিন হুছেন শ্বাহ গৌড়ৰ সম্ৰাট (১৪৯৪-১৫২৫), আৰু পৰাগল খাঁ তেওঁৰ এজন সেনাপতি আছিল। এওঁৰে ইচ্ছা অনুসৰি যে কবীন্দ্ৰই এই ৰামায়ণ ৰচিছিল সিও সুস্পষ্ট—

“লস্কৰ পৰাগল খান শুনন্ত কাহিনী।
যেন মতে পাণ্ডৱে হাৰাইল ৰাজধানী॥...
এহিসৱ কথা ( মোত) কহ সংক্ষেপিয়া।
দিনেকে শুনিতে পাই পাঁচালী ৰচিয়া॥
তাহাৰ আদেশ মাত্ৰ মস্তকে কৰিয়া।
কবীন্দ্ৰ পৰম যত্নে পাচালী ৰচিয়া॥’’

অসমীয়া ভাষাৰ সপক্ষ নহলেও, সম্পাদক শাস্ত্ৰীয়েও নকৈ পৰা নাই—“দীনেশ। বাবু ইহাও লিখিয়াছেন যে চট্টগ্ৰামে তিনি যে সকল পুথি পাইয়াছেন তাহা চট্টগ্ৰামে প্ৰাচীন ভাষায় লিখিত, স্থানে স্থানে এত জটিল যে অৰ্থ পৰিগ্ৰহ কৰা যায় না। আমি কিন্তু চট্টগ্ৰাম হইতে এই সুদুৰ স্থানে বাস কৰিয়া ঐ পুস্তকেৰ ভাষাৰ জটিলতা কিছুই অনুভব কৰিতেছি না। আমাদেৰ কাছে উহা অতি সহজ এবং উহা আমাদেৰ এ অঞ্চলে (ধুবুৰীতে) প্ৰচলিত কথিত ভাষা...।” (ভূমিকা)

 তেন্তে কথা এয়ে ঠিক, ৰাজকাৰ্য্যৰ পৰা অৱসৰ লৈ পৰাগল খাঁ “চট্টগ্ৰামে চলি গৈলা হৰষিত হইয়া।” যাওঁতে লগত এই কবীন্দ্ৰ মহাভাৰতৰ এটি নকল লৈ গৈছিল, আৰু তাত এই মহাভাৰত “পুৰাণ শুনন্ত নিতি হৰষিত মতি।’’ আৰু এই “সৰু কথাই বৰ। অলপ তাপেই জ্বৰ।" হৈ ই চট্টগ্ৰামৰ প্ৰাচীন ভাষা হৈ পৰিল গৱেষণা প্ৰত্নতত্ত্ব-জালত!