পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০২
অসমীয়া সাহিত্যৰ অধ্যয়ন


সুন্দৰা কাণ্ডত লঙ্কাৰ বৰ্ণনা, সকলোতে অসমীয়া কবিৰ মৌলিকতা প্ৰকাশ পাইছে।

 বাল্মীকিৰ বৰ্ণনাৰ বাহিৰেও অন্যান্য সংস্কৃত কবিৰ বৰ্ণনায়ো অসমীয়া কবিৰ ৰচনা সঞ্জীৱিত কৰিছে। অযোধ্যা কাণ্ডত চিত্ৰকূট বৰ্ণনা-প্ৰসঙ্গ —

“চিত্ৰকূট পৰ্বতক দেখিয়োক সীতা।
পকা আমে গৌৰ বৰ্ণে কৰিলে চৌভিতা॥
ওপৰত মেঘ যেন দেখিয় শোভন।
বাঢ়িল নিকালি যেন পৃথিবীৰ স্তন॥”

ইয়াক কালিদাসৰ পূৰ্বমেঘৰ অষ্টাদশ শ্লোকৰ ছাঁ বুলিব পাৰি—

“ছন্নো পাস্তঃ পৰিণত ফলদ্যোতিভিঃ কাননাম্ৰৈ
ত্বষ্যাকঢ়ে শিখৰমচলঃ স্নিগ্ধবেণী সবৰ্ণে।
নূনং যাস্যত্যমৰমিথুন-প্ৰেক্ষণীয়ামৱস্থাং
মধ্যে স্যামঃ স্তন ইব ভুবঃ শেষবিস্তাব পাণ্ডুঃ॥”

অযোধ্যাকাণ্ডৰ মাধৱ কন্দলীৰ সীতাৰ ৰূপ-বৰ্ণনা, আৰু শঙ্কৰদেৱৰ ৰাম-বিজয় নাটত সীতাৰ আৰু ৰুক্মিণীহৰণ কাব্য আৰু নাটত ৰুক্মিণীৰ ৰূপ-বৰ্ণনা তুলনীয়। তদুপৰি অৰণ্য কাণ্ডত প্ৰথম অধ্যায়ত উৰ্মিলাৰ আৰু সীতাহৰণৰ পূৰ্ব মুহূৰ্তত ৰাৱণৰ মুখেদি সীতাৰ ৰূপ-বৰ্ণনাও অতি বিতোপন। স্ত্ৰী-চৰিত্ৰ আৰু তিৰুতাৰ ভিতৰ-জগতৰ গোপন সত্য সীতাৰ এফাকি কথাত ব্যক্ত হৈছে, ৰামে সীতাক এৰি বনলৈ যাব খোজাত—

“চম্পক কলিকা যেন মোৰ কলেৱৰ।
লুণ্ডি-ঘুণ্ডি আছিলাহা যেহেন ভ্ৰমৰ॥
যেৱে আসি বিকশিত ভৈল ফুল-ফল।
উপভোগ এৰি কেন কৰাহা নিস্ফল।"

মনস্তত্ত্বমূলক বৰ্ণনাতো কবি কেনে সিদ্ধহস্ত অযোধ্যা কাণ্ডৰ ৰাম-দশৰথৰ পৰষ্পৰ ওপৰা-উপৰি কথাৰ পৰা বুজিব পাৰি—

“সুমন্ত্ৰ মন্ত্ৰীক, বুলিলন্ত ৰামে, শীঘ্ৰে ৰথখান ডাক।
“শুনৰে সুমন্ত্ৰ নাডাকিবি ৰথ’, দশৰথ দেন্ত হাক॥