পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩২ ]

তাৰ হে অৰ্থ বুঝায় আরু তাৰ বিশেষণ হয়৷ যেনে; লম্ব উদৰ যাৰ সি লম্বোদৰ৷ ক্ষুদ্ৰ কায় যাৰ সি ক্ষুদ্ৰকায়৷ নি (নাই) লাজ যাৰ সি নিলাজ! স্ত্ৰীৰে সৈতে যি সি সস্ত্ৰীক৷ বি (নাই) সম (সমান) যাৰ সি বিষম৷ এক বিধ যাৰ সি এবিধ; সেই দৰে সুগন্ধ, গন্ধি, * অনাথ, বিধবা চৰিতাৰ্থ আদি কৰি বহুপদ সিদ্ধ হয়৷

কৰ্ম্মধাৰয়৷

 একাৰ্থ বিশেষণ আরু বিশেষ্য পদৰ সমাসক কৰ্মধাৰয় সমাস বোলে৷ ঘখা, মহান্‌ যি ৰাজা সি এই অৰ্থত মহাৰাজ। ৰঙ্গা যি ফুল সি ৰঙ্গাফুল৷ সেই দৰে দীঘলডিঙ্গি, বগাকাপৰ, পূৰ্ব্বাহ্ন, মধ্যাহ্ন, কুকৰ্ম্ম ইত্যাদি৷

 কেতিয়া বা দুটা দুটা বিশেষ্য পদতো কৰ্ম্মধাৰয় সমাস দেখিবলৈ পাওঁ, কিন্তু তাৰ মাঝত, নাইবা, পাছত নিচিনা, সদৃশ আদি কৰি তুল্যাৰ্থক শব্দ বা রূপ শব্দ যোগ হ’ই এটা বিশেষণৰ দৰে হয়, আরু সমাস হ’লে সেই নিচিনা আদি শব্দৰ লোপ হয়৷ যদি মাঝত থকা শব্দৰ লোপ


* বহুব্ৰীহি সমাসত গন্ধ শব্দৰ গন্ধি হয়৷