পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩১ ]

ল’ৰাবোৰে আরু চোৱালীবোৰে উমলিছে এই অৰ্থত ল’ৰাচোৱালীয়ে উমলিছে, *আইয়ে আরু বোপাইয়ে দেখিব পায়, আইবোপাইয়ে দেখিব পায়৷ এই দৰে সমাস কৰাত নিতিৰ কুটুম্ব৷ ধান চাউল, পানতামোল, অন্নবস্ত্ৰ, দেবাসুৰ ইত্যাদি বহুপদ সিদ্ধ হয়৷

 কেতিয়াবা সমাস হ’ই পাছৰ পদবোৰ গুছি আগৰ পদত বহুবচনৰ চিহ্ন যোগ হয়, তদ্দ্বাৰা আটাইবোৰ কথাৰ অৰ্থ পোৱা যায়৷ যেনে; গোপালে ভাবিয়ে আরু সোণায়ে পঢ়িবলৈ গ’ল বুলিলে যি অৰ্থ, গোপালহঁতে পঢ়িবলৈ গ’ল বুলিলেও সেই এ অৰ্থ হয়৷ এনে কুৱা সমাসক একশেষ দ্বন্দ সমাস বোলে৷

বহুব্ৰীহি৷

 যি যি পদত সমাস হয়, সেই সেই পদৰ অৰ্থ নুবুঝাই যদি অইন পদৰ অৰ্থ বুঝায়, তেনে হলে তাক বহুব্ৰীহি সমাস বোলে৷ সমাস কৰোঁতে যি এটা, যি শব্দৰ পদ দিয়া যায়, সমাস হোৱাপদে


*এই সমাসত আরু, ও, এবং আদি কৰি যৌগিক শব্দৰ লোপ হয়৷