পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ৩৩ ]

হয় তেন্তে মধ্যপদলুপী, পাছত থকা শব্দৰ লোপ হ’লে অন্ত্যপদলুপী কৰ্ম্মধাৰয় বা উপমিতি সমাস বোলে৷ যদি রূপ শব্দৰ লোপ হয়, তেন্তে রূপক সমাস বোলে৷ যেনে, চন্দ্ৰৰ নিচিনা মুখ চন্দ্ৰমুখ, নাভি কূপৰ তুল্য নাভিকূপ৷ কৰ পদ্মৰ রূপ কৰপদ্ম৷ বাক্য অমৃতৰ তুল্য বাক্যামৃত৷

তৎপুৰুষ৷

 কৰ্ম্মকে আদি কৰি কাৰকৰ আরু সম্বন্ধ পদৰ চিহ্ন লোপ হ’ই যি সমাস, হয় তাক তৎপুরুষ সমাস বোলে৷ কৰ্ম্মকাৰকৰ চিহ্ন লোপ হ’লে দ্বিতীয়াতৎপুরুষ, কৰণৰ চিহ্ন লোপ হ’লে তৃতীয়াতৎপুরুষ, সম্প্ৰদানৰ চিহ্ন লোপ হ’লে চতুৰ্থীতৎপুরুষ, অপাদানৰ হ’লে পঞ্চমীতৎপুরুষ, অধিকৰণৰ হ’লে সপ্তমী তৎপুরুষ আৰু সম্বন্ধৰ হ’লে যষ্ঠীতৎপুরুষ সমাস বোলে৷ যেনে, দুঃখক পোৱা মানুহ, দুঃখপোৱা মানুহ৷ মাছক ধৰা জাল, মাছধৰা জাল৷ চৰাইক মৰা শৰ, চৰাইমৰাশৰ৷ গুণেৰে অভিৰাম, গুণাভিৰাম, ক্ষুধা দ্বাৰা ঋত ক্ষুধাৰ্ত৷ * দেৱক দত্ত, দেৱদত্ত গুরুক


* তৃতীয়াতৎপুরুষো হব পাৰে৷ যেনে; দেবকৰ্ত্তৃক দত্ত