পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৫ ]

অনু+এষণ অম্বেষণ, সু+আগত স্বাগত, পিতৃ+আলয় পিত্ৰালয়৷

 স্বৰৰ আগত থকা এ, ঐ ও, ঔ গুছি ক্ৰমে অয়্‌‍, আয়্‌‍, অৱ্‌, আৱ্‌, হয়৷ যেনে;– বিনে+অ বিনয়, নে+অন নয়ন, শে+অন শয়ন, নৈ+অক নায়ক, প্ৰসো+অ প্ৰস, পো+অন পৱন, ভৌ+অ ভাৱ, ভৌ+উক ভাবুক৷

ব্যঞ্জন সন্ধি৷

 চ ারু ছৰ আগত থকা ত চ হয়৷ যেনে;— উৎ+চাৰণ উচ্চাৰণ, উৎ+ছিন্ন উচ্ছিন্ন৷

 ত, জৰ আগত থাকিলে জ, ডৰ আগত থাকিলে ড, নৰ আগত থাকিলে ন, লৰ আগত থাকিলে ল হয়৷ যেনে; – উৎ+জ্বল উজ্জ্বল, সৎ+জন সজ্জন, উৎ+ডীন উড্ডীন, জগৎ+নাথ জগন্নাথ, উৎ+নতি উন্নতি, উৎ+লেখ উল্লেখ, সং+লোক সল্লোক৷

 স্বৰবৰ্ণ, গ, ঘ, দ, ধ, ব, ভ, য ৰ আরু ৱৰ আগত থকা কৰ ঠাঁইত গ, তৰ ঠাঁইত দ হয়৷ যেনে;– বাক্‌+ঈশ বাগীশ, উৎ+অয় উদয়,