পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৬ ]

তৎ+অন্ত তদন্ত, তৎ+গত তদ্গত, সৎ+বিদ্যা সদ্বিদ্যা, উৎ+-ৰেক উদ্ৰেক৷

 ন আরু মৰ আগত থকা কৰ ঠাঁইত ঙ, তৰ ঠাঁইত ন হয়৷ যথা;— বাক্‌+ময় বাঙ্ময়, দিক্‌+মণ্ডল দিঙ্মণ্ডল, জগৎ+নাথ জগন্নাথ, উৎ+নতি উন্নতি৷

 তৰ পাছত হ থাকিলে ত আরু হ গুছি দ্ধ হয়৷ যেনে;— তৎ+হিত তদ্ধিত, তৎ+হেতু তদ্ধেতু৷

 ঃ ( বিসৰ্গৰ ) পাছত চ ছ থাকিলে শ, ত থ থাকিলে স হয়৷ যথা;– নিঃ+চয় নিশ্চয়, শিৰঃ ছেদন শিৰশ্চেদন, মনঃ+তাপ মনস্তাপ, নিঃ+তাৰ নিস্তাৰ৷

 দুই অকাৰৰ মাঝত হলে দুয়ো অকাৰেৰে সৈতেঃ (বিসৰ্গৰ ) ঠাঁইত ও হয় আরু ও আগৰ আখৰত যোগ হয়৷ যেনে; মনঃ+অভীষ্ট মনোভীষ্ট, সদ্যঃ+অধিকাৰ সদ্যোধিকাৰ৷

 বৰ্গৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ, য, ৰ, ৱ ও হৰ আগত আরু অকাৰ পাছত থকা ঃ ( বিসৰ্গ) আগৰ অকাৰেৰে সৈতে ও হয় আরু সেই ও