পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৪ ]

 অ আরু আৰ পাছত উ বা ঊ থাকিলে দুয়ো মিলি ও হয়৷ ও আগৰ আখৰেৰে সৈতে যোগ হয়৷ যেনে; অরুণ+উদয় অরুণোদয়, পুরুষ+উত্তম পুরুষোত্তম, সূৰ্য্য +উদয় সূৰ্য্যোদয়, মহা+উৎকণ্ঠা মহোৎকণ্ঠা, মহ+ উদয় মহোদয়৷

 অ আরু আৰ পাছত এ বা ঐ থাকিলে দুয়ো মিলি ঐ হয়, ঐ আগৰ আখৰত যোগ হয়৷ যেনে; জন+এক জনৈক, মহ+ঐশ্বৰ্য্য মহৈশ্বৰ্য্য৷

 অ আরু আৰ পাছত ও বা ঔ থাকিলে দুয়ো যোগ হ’ই ঔ হয়৷ ঔ আগৰ আখৰেৰে সৈতে যোগ হয়৷ যেনে;— মহ+ঔষধি মহৌষধি৷

 ৱ অ আরু আৰ পাছত থকা ঋ ৰ হয়, ৰ পাছৰ আখৰত যোগ হয়, আরু আগৰ আ অ হয়৷ কিন্তু ঋত শব্দ পাছত থাকিলে আগৰ অ আ হয়৷ যেনে;— দেখ+ঋষি দেবৰ্ষি, মহ+ঋষি মহৰ্ষি, ক্ষুধা+ঋ ক্ষুধাৰ্ত্ত, শোক +ঋত শোকাৰ্ত্ত৷

 সবৰ্ণ নোহোৱা স্বৰ পাছত থাকিলে ই ঈ গুছি ঘ, উ উ গুছি ৱ, আরু ঋ ৠ গুছি ৰ হয়৷ যেনে; বি+অৱহাৰ ব্যৱহাৰ, অতি+অন্ত অত্যন্ত, পৰি+অন্ত পৰ্য্যন্ত, অভি+উখান উত্যুত্থান,