পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 (২) ৫ৰে পূৰণ৷ — গুণ্য ৰাশিৰ সোফালে এটা শূন্য বহুৱাই আধা লোৱা৷
 (৩) ২৫ৰে পূৰণ৷ — গুণ্য ৰাশিৰ সোফালে দুটা শূন্য বহুৱাই চাৰি ভাগৰ এভাগ লোৱা ৷
 (৪) ৭৫ ৰে পূৰণ৷ — গুণ্য ৰাশিৰ সোফালে দুটা শূন্য বহুৱাই চাৰি ভাগৰ এভাগ তাৰ পৰা অন্তৰ কৰা।
 (৫) ১২৫ৰে পূৰণ৷ — গুণ্য ৰাশিৰ সোফালে তিনিটা শূন্য বহুৱাই ৮ৰে ভাগ কৰা।
 (৬) ৯, ৯৯, ৯৯৯ ইত্যাদি দ্বাৰা পূৰণ৷ গুণকত যিমান ৯ থাকে, গুণ্য ৰাশিৰ সোঁফালে সিমান শূন্য বহুৱাই তাৰ পৰা গুণ্য ৰাশি বিয়োগ কৰা৷
 (৭) ৫ৰে ভাগ৷ —ভাজ্যক দ্বগুণ কৰি একক অঙ্ক এড়ি দিলেই ভাগফল হব৷ এড়ি দিয়া অঙ্কৰ আধা ভাগশেষ৷
 (৮) ২৫ৰে ভাগ৷ —-ভাজ্যক চাৰিগুণ কৰি একক দশক এড়ি দিলেই ভাগফল ওলাব৷ এড়ি দিয়া অঙ্কৰ চাৰি ভাগৰ এভাগ ভাগশেষ৷
 (৯) ১২৫ৰে ভাগ৷ —ভাজ্যক আঠগুণ কৰি সোঁফালৰ তিনিটা অঙ্ক এড়ি দিলেই ভাগফল ওলাব৷ এড়ি দিয়া অঙ্কৰ৷ আঠ ভাগৰ এভাগ ভাগশেষ৷


মিশ্ৰ ৰাশি আৰু লঘূকৰণ৷

 ২৩৷ ৪ টকা ৬ অনা ৩ পয়সা এক জাতীয় ৰাশি আৰু ৬ অনা ৩ পয়সা টকাৰ শ্ৰেণী৷ এই দৰে ৫ মোণ ১০ সেৰ