এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(0) এইখন বাৰু ভাই, কিনো নই কোৱা। P —সংসাৰৰ “কাৰ্য্য-নদী,” এয়ে জানি লোৱা৷ যোৱাঁ ভাই অলপতে পাবাগৈ মাজুলি। তোমাৰ ভয়ৰ ওৰ পৰিব সমূলি। চাৰিপোনে মাজুলিৰ শিল-গৰা বেৰা। যোৱাঁ ভাই কোনোমতে বাট এই ফেৰা। অলপ সাঁতুৰি গই সেই ঠাই পালে, কি কৰিব ধলে-ঢৌৱে শিহু-ঘঁৰিয়ালে। কতনো দেখিবা তুমি তাত ঘৰ-বাৰী; সৰু বৰ মজলীয়া আছে শাৰী শাৰী। চোতাল পদূলি নিকা, হাবি বন নাই। মানুহবোৰৰ মন মুকলি সদাই। মূৰত পাগুৰি দেখি নানা-বৰনীয়া, ৰঙ্গা বগা হালধীয়া কলা সেউজীয়া। কাৰোবা ভোটোকা পাগ, কাৰো বিনন্দীয়া। ওখ নাম কাৰো পাগ, জোঙ্গা ঘূৰনীয়া। বাৰীত খাৰধি আছে বিধে বিধে তাত, পুখুৰিত মাছ আৰু ভঁৰালত ভাত। বাবৰি, টকউ-লাই, লহকৰী মৰা, মৰিচা, পালেঙ্গ, কবি, শাক দৰা দৰা। লফা, চুকা, মান-লাই, ধনীয়া, ঢেৰুৱা, আৰু আছে কত তাত শাক তেনেকুৱা।