সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 8 ) পুখুৰিত মাছবোৰে কৰে খল্‌-খন্ কান্ধুলি, লুথুৰি পাত, বৰালি, চিতল। চেঙ্গেলি, মাগুৰে পানী খলক লগায়। ১ চল্‌-চল্‌-কৰে পুঠি ডনিকনা যায়। ভঁৰালত ধান ভৰা—দলকচু, শালি; কতনো জাহিঙ্গা, জহা, আছে থালি থালি। সান্দহ-পিঠাৰ বৰা আছে দাম খাই। চিৰাৰ চকোৱা কত, লেখ-জোখ নাই। কটাৰি-ডবুৱা ধান আছে দ'ল দ'ল— ফুলাম আখই তাৰে ফুটে ঠল ঠল। কোমল চাউল কৰা আছে মালভোগ, গমিৰিৰ ওৱাহোৱা, দেখি গুচে শোগ তথাপি কোনোৱে হাত নেথাকে সাবটি। কামৰ নতুন নিতে উলিয়ায় পটি। কামতেই সুখ-শান্তি, কামতে জিৰণি। কাম নকৰিলে পায় সিহঁতে আমনি। নেথাকে কাচিতো ভেম এলাহত পৰি যেনে পৰঘুমা, ফেঁচা, গেৰেলা, গাহৰি। সদাই কামত যেন টাকুৰিহে ঘূৰে— শহা, হৰিণাৰ দৰে এনি-তেনি ফুৰে। কেতিয়াও কাৰো নাই গুণনি-ভাবনি। “বায়ু” বিয়াধিত নাই মূৰৰ পোৰণি।