সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 2 ) পথালি-সাঁতোৰ মেলি নেলাগে উজাব। বৰ বৰ ঢউ আহি মুখত কোবাব। গাত বল বান্ধি, মাতি উলাহৰ বোল, থিয়-সাঁতোৰেৰে বলা হাঁফোলা-হাঁফোল। বৰ বৰ ঢউ আহি বুকুত মাৰিব। বুকুৰ উছাহে ঢউ ঠেলি ঠেলি নিব। ঈশ্বৰক চিন্তি ভাই বলা আগুৱাই, চাৰিপোনে চাই-মেলি বিঘিনি গুচাই। নেদেখিছা কেনেকই ফেনে ফোতোকাবে, ৰাও-বাও-কৰে পানী বাঢ়ে ধাৰাসাৰে। উটি উটি আহে ফেন চপৰা-চপৰে। চা ইটে সিটে খুণ্ডা খাই ভাগি-ছিগি পৰে। চোৱাচোন জাঁজ-বোৰ কেনেকই ভাহে। শাল, তাল, উলূ, তৰা, কত কিনো আছে। তাতে উঠি আহে সাগ ফেঁটী, তৰাদাহী। নকৰিবা একো ভয়, যোৱ। তুমি সাহি শিহুবোৰে খৰ মাৰে ওপৰ ওলাই। পিঠিত কৰত বান্ধি ঘঁৰিয়াল যায়। গীত ঠায়ে ঠায়ে পকীয়া, আৰু চাকনৈয়া। নকৰিবা ভয় একো আগ বাঢ়ি বৈয়া দেখিবা বৰলা-ডকা, চাই মেলি যাৰা ৰাটত কতনে৷ আৰু ডুবি পাই যাবা।