সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাই। 6699 কাম। নৰমৰ হেৰা মোৰ অসমীয়া ভাই, তোমাৰ সুখৰ আৰু সেই দিন নাই। চোৱাচোন ওফন্দিছে কেনেকই ধল। তোমাৰ সান্দহ-খোৱা বালি গল তল। ইমানতে ধৰা আৰু উজাই সাঁতোৰ। নহলে কৰ্ফাল খাই যাবা, ভাই মোৰ। গোৰোৱ৷ লেটাই মৰা চুৰিয়াৰ থোৰ, গুচাই চপাই লোৱাঁ, ভেবা ভাই মোৰ। পাক মাৰি গাঁথি দিয়া চুৰিয়া-খোঁচনী। ওপৰত মেৰিওৱা টঙ্গালি এখনি। খহোৱা মূৰৰ তুমি পাগুৰি-টোপোলা। এছাৰি পেলাই দিয়া গাৰ এঙ্গা-চোলা।